Daily Time Axom

ইউক্ৰেইন আৰু ৰাছিয়াক সংযম হ’বলৈ আহ্বান তালিবানৰ

0 12

আফগানিস্তানৰ তালিবান চৰকাৰে ইউক্ৰেইন আৰু ৰাছিয়াক সংযম হ’বলৈ আহ্বান জনাইছে। অসামৰিক লোকৰ হতাহতি প্ৰতিহত কৰিবলৈও আহ্বান জনাইছে।

যুদ্ধৰ দ্বিতীয় দিনা শুকুৰবাৰে তালিবান চৰকাৰৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ আব্দুল কাহাৰ বালখিয়ে টুইটাৰত শ্বেয়াৰ কৰা এক বিবৃতিত এই আহ্বান জনায়।

তেওঁ কৈছে, “আফগানিস্তানৰ ইছলামিক আমিৰাতে ইউক্ৰেইনৰ পৰিস্থিতি নিবিড়ভাৱে নিৰীক্ষণ কৰি আছে আৰু অসামৰিক লোকৰ হতাহতি হোৱাৰ প্ৰকৃত সম্ভাৱনাৰ ওপৰত উদ্বেগ প্ৰকাশ কৰিছে।” ‘
“ইছলামিক আমিৰাতে দুয়োপক্ষক সংযম হ’বলৈ আহ্বান জনাইছে। সকলো পক্ষই হিংসা তীব্ৰতৰ কৰিব পৰা স্থিতি গ্ৰহণ কৰাৰ পৰা বিৰত থাকিব লাগিব,” তেওঁ কয়।

Leave A Reply

Your email address will not be published.