Daily Time Axom

গৰ্ভধাৰণৰ সময়ত ডায়েবেটিচ ! কি কৰিব !!

0 12

গৰ্ভধাৰণৰ সময়ত ডায়েবেটিচ মাতৃ আৰু কেঁচুৱা দুয়োৰে বাবে বিপদজনক। যদি গৰ্ভাৱস্থাৰ সময়ত ডায়েবেটিচ অনিয়ন্ত্ৰিত হয়, মাতৃৰ ৰক্তচাপ বৃদ্ধি হ’ব পাৰে আৰু চিজাৰৰ সমস্যা হ’ব পাৰে। বহুক্ষেত্ৰত, অকাল প্ৰসৱ হয়। প্ৰসৱৰ পিছত ডায়েবেটিচৰ ফলত অত্যাধিক ৰক্তক্ষৰণ হ’ব পাৰে।

যদি ডায়েবেটিচ নিয়ন্ত্ৰণত ৰখা নহয়, গৰ্ভত কেঁচুৱাটোৰ ওজন কম বা অধিক হ’ব পাৰে। ই শিশু আৰু মাতৃ দুয়োৰে জীৱন বিপদাশংকাত পেলায়। আনকি জন্মৰ পাছতো, কেঁচুৱাটোৰ ৰক্ত শৰ্কৰাৰ স্তৰ হ্ৰাস হয়, খজুৱতি, উশাহ চুটি হোৱা আৰু শৰীৰৰ উষ্ণতা বজাই ৰখাৰ সামৰ্থ্য হ্ৰাস হয়। এনে সকলো গুৰুতৰ বিপদাশংকা পৰিহাৰ কৰিবলৈ এই ডায়েবেটিচ নিয়ন্ত্ৰণত ৰখাটো প্ৰয়োজনীয়।

তাৰ বাবে আপুনি কি কৰিব?


প্ৰথমে আপুনি খাদ্য তালিকা চাব লাগিব। এই সময়ত, আপুনি এক সন্তুলিত আহাৰ বিকশিত কৰিব লাগিব। আহাৰ পৰিৱৰ্তন আৰু নিয়মীয়া ব্যায়ামৰ জৰিয়তে এই ডায়েবেটিচ নিয়ন্ত্ৰণ কৰা সম্ভৱ।

এই সময়ত ঔষধ গ্ৰহণ কৰি ডায়েবেটিচ নিয়ন্ত্ৰণ কৰাতকৈ ইনচুলিন গ্ৰহণ কৰাটো অধিক কাৰ্যকৰী আৰু সুৰক্ষিত। গতিকে যদি আপোনাৰ ইতিমধ্যে ডায়েবেটিচ আছে, তেন্তে চিকিৎসকৰ পৰামৰ্শ অনুসৰি, আপুনি ঔষধ সলনি কৰিব লাগিব আৰু ইনচুলিন গ্ৰহণ কৰা আৰম্ভ কৰিব লাগিব।

সঠিক জীৱন যাপনৰ জৰিয়তে গৰ্ভধাৰণৰ ডায়েবেটিচ নিয়ন্ত্ৰণ কৰি মাতৃ আৰু সন্তানৰ জীৱনৰ আশংকা হ্ৰাস কৰা সম্ভৱ। সেয়েহে বিচলিত নহ’ব আৰু চিকিৎসকৰ পৰামৰ্শ অনুসৰি গৰ্ভধাৰণৰ ডায়েবেটিচ নিয়ন্ত্ৰণত ৰাখিব।

Leave A Reply

Your email address will not be published.