Daily Time Axom

চৰাইদেউৰ নিমনাগড়ৰত ভয়ংকৰ পথ দুৰ্ঘটনা

0 8

বলেৰ’ পিকআপ আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ, ১ জন আহত

চৰাইদেউৰ নিমনাগড়ৰত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে । নিমনাগড়ৰত এখন মালবাহী বলেৰ পিকআপ এ এছ ০৪ এচি ৬১৭১ নম্বৰৰ আৰু আনখন অজ্ঞাত নাম্বাৰ প্লেট বিহীন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হয় ৷ জানিব পৰা মতে শিৱসাগৰ দিশৰ পৰা সোণাৰি অভিমুখে ভাৰতীয় খাদ্য নিগমৰ চাউল কঢ়িয়াই নিছিল ট্ৰাকখনে ।

পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী ঘটনাস্থলীলৈ মোতায়ন কৰা হয় । দুৰ্ঘটনাত গুৰুত্বৰ ভাৱে আহত এজনক সংকটজনক অৱস্থাত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে দুৰ্ঘটনাস্থলীৰ পৰা পলায়ন কৰা বুলি জানিব পৰা গৈছে ট্ৰাকখনৰ চালক আৰু সহঃকৰ্মী ।


শিৱসাগৰৰ পৰা ফাৰহান লস্কৰ ৰিপৰ্ট ।

Leave A Reply

Your email address will not be published.