Daily Time Axom

“ইউক্ৰেইনত ন’ ফ্লাই জ’ন ঘোষণা কৰা যি কোনো দেশেই জড়িত হৈ পৰিব যুদ্ধৰে”- ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ ইউৰোপীয় দেশসমূহলৈ সকিয়নী

0 17

ইউক্ৰেইন- ৰাছিয়াৰ যুদ্ধৰ ভয়াৱহ পৰিস্থিতি ৬ মাৰ্চ দেওবাৰেও অব্যাহত আছে ৷ শনিবাৰে ৰিছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ঘোষণা কৰিছে, কোনো দেশে ইউক্ৰেইনৰ ওপৰত ন’ ফ্লাই জ’ন ঘোষণাৰ চেষ্টা কৰিলে দেশখনক যুদ্ধত জড়িত বুলি গণ্য কৰা হ’ব ৷ ৰুচ ৰাষ্ট্ৰপতি পুটিনৰ ঘোষণা- “এনে যিকোনো কাৰ্যকে সেই দেশে সশস্ত্ৰ যুদ্ধত যোগ দিয়া বুলি ধৰা হ’ব ৷”

পুটিনে এই প্ৰসংগত বিশ্বৰ আন দেশবোৰৰ লগতে ইউৰোপীয়ান দেশবোৰক সাৱধান বাণী শুনাইছে- “কেৱল ইউৰোপীয় দেশ সমূহৰ বাবেই নহয়, ন’ ফ্লাই জ’ন ঘোষণা কৰা মানে ই সমগ্ৰ বিশ্বৰ বাবে এক বিপৰ্যয়কৰ পৰিণতি কঢ়িয়াই আনিব ৷”

ইউক্ৰেইনৰ ছুমিৰ ৰাজপথৰ দৃশ্য

আনহাতে এক বাতৰি ইউৰোপীয় সংবাদ মাধ্যমত ওলাইছে যে, ৰাছিয়াই যুদ্ধৰ দ্বিতীয় সপ্তাহৰ মাজতে দেশখনত মাৰ্শ্বাল আইন বলবৎ কৰিছে ৷ ৰাষ্ট্ৰপতি পুটিনে এই বাতৰিক পশ্চিমীয়া সংবাদ মাধ্যমৰ উৰা বাতৰি আখ্যা দিছে ৷

Leave A Reply

Your email address will not be published.