পৌৰ নিৰ্বাচনত ৯৭৭ টা ৱাৰ্ডৰ ভিতৰত বিজেপিৰ ৭৪২ টাত বৃহৎ জয় ৷ মুখ্যমন্ত্ৰীৰ শুভেচ্ছা বাণী ৷
আজি বুধবাৰে ঘোষিত পৌৰ নিৰ্বাচনত বিজেপিয়ে বিৰোধীক ধূলিস্যাৎ কৰি বৃহৎ জয় সাব্যস্ত কৰিছে ৷
এই উপলক্ষে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দলীয় কৰ্ম- কৰ্তা আৰু ভোটাৰ ৰাইজক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে ৷

সমগ্ৰ ৰাজ্যৰ ৯৭৭ টা ৱাৰ্ডৰ ভিতৰত বিজেপি মিত্ৰজোঁটে মুঠ ৮০৭ টা ৱাৰ্ডত বিজয় সাব্যস্ত কৰিছে ৷ তাৰ ভিতৰত অগপই মাত্ৰ ৬৫ খন আসনতহে জয় লাভ কৰিবলৈ সক্ষম হৈছে ৷ অৰ্থাৎ পৌৰ নিৰ্বাচনত মুঠ ৯৭৭ টা ৱাৰ্ডৰ ভিতৰত বিজেপিৰ ৭৪২ টাত বৃহৎ জয় ৷
আনহাতে ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে ৭১ টা ৱাৰ্ডত জয় লাভ কৰিছে ৷ অনান্যই ৯৯ টা ৱাৰ্ডত বিজয় লভিছে ৷
এই বিজয়ত নিজৰ শুভেচ্ছা বাণীত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, “অসমবাসীৰ সঁহাৰি আৰু আশীৰ্বাদে আজি ঘোষিত পৌৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটলৈ বিশাল বিজয় কঢ়িয়াই আনে। এই জয়ৰ অংশীদাৰ প্ৰতিগৰাকী দলীয় কাৰ্যকৰ্তাক আন্তৰিক শুভেচ্ছা তথা ভোটাৰ ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
নৱ নিৰ্বাচিত প্ৰাৰ্থীসকলে আগন্তুক সময়ত জনসাধাৰণৰ কল্যাণাৰ্থে প্ৰতিটো স্তৰতে সেৱা আৰু সমৰ্পণৰ ভাৱেৰে ৰাজ্যবাসীৰ সেৱাত ব্ৰতী হ’ব বুলি মই দৃঢ় বিশ্বাসী।”