Daily Time Axom

ইউক্ৰেইনত জৈৱিক নাইবা ৰাসায়নিক আক্ৰমণ কৰিব ৰাচিয়াই ! আমেৰিকাৰ সতৰ্কবাণী ৷

0 8

ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত শীঘ্ৰেই হয়তো তীব্ৰভাৱে জৈৱিক অথবা ৰাসায়নিক আক্ৰমণ কৰিব পাৰে ৷ সতৰ্পবাণী শুনাইছে আমেৰিকাই । আমেৰিকাৰ ৰাষ্ট্ৰপতি জু’ বাইডেন প্ৰশাসনে বুধবাৰে গধূলি এই সাৱধান বাণী শুনাইছে, ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত অচিৰেই জৈৱিক নহ’লে ৰাসায়নিক আক্ৰমণ চলোৱাৰ সম্ভাৱনা আছে ৷ হোৱাইট হাউছৰ প্ৰেছ সচিব জেন পাছাকিয়ে সাৱধান কৰিছে যে ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত জৈৱিক আক্ৰমণ কৰাৰ সম্ভাৱনা আছে ৷ ইফালে মস্কোৱে তাৰ পূৰ্বে অভিযোগ কৰিছিল যে ইউক্ৰেইনৰ সীমান্তত আমেৰিকাই ইউক্ৰেইনক গোপনে জৈৱিক অস্ত্ৰ যোগান ধৰিছে ৷ আমেৰিকাৰ প্ৰেছ সচিবজনে এই কথা অস্বীকাৰ কৰি কৈছে ৰাছিয়াৰ এই অভিযোগ মিছা আৰু মনে সজা ৷ যদিহে ৰাছিয়াই এনে অস্ত্ৰ ব্যৱহাৰ কৰে তেন্তে সমগ্ৰ বিশ্বৰে পৰিস্থিতি সলনি হ’ব সেয়া নিশ্চিত ৷

Leave A Reply

Your email address will not be published.