দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত য়ুন চুক ইয়োল জয়ী ৷ শান্তি স্থাপন হ’ব উত্তৰ কোৰিয়াৰে !
দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি হিচাপে ৪৮.৬ শতাংশ ভোট লাভেৰে নিৰ্বাচিত হৈছে য়ুন চুক ইয়োল। নিৰ্বাচনত তেওঁ তেওঁৰ মুখ্য প্ৰতিদ্বন্দী লী জে মিয়ুঙক পৰাস্ত কৰে।
উল্লেখযোগ্য যে, দেশখনত ৯৮ শতাংশতকৈও অধিক ভোটদান হৈছিল আৰু তাৰে য়ুনানে ৪৮.৬ শতাংশ আৰু মিয়ুঙে ৪৭.৮ শতাংশ ভোট দান কৰিছিল।

দক্ষিণ কোৰিয়াৰ বৰ্তমানৰ শাসনাধিষ্ঠ ডেম’ক্ৰেটিক পাৰ্টিৰ প্ৰাৰ্থী লী জে মিয়ুঙে নিৰ্বাচনৰ পূৰ্বে চুবুৰীয়া উত্তৰ কোৰিয়াৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ বাবে বিদায়ী ৰাষ্ট্ৰপতিৰ প্ৰচেষ্টাক ধাৰাবাহিকতা বজাই ৰখাৰ প্ৰতিশ্ৰুতি দিয়ে। তেওঁ বেইজিং আৰু ৱাশ্বিংটনৰ সৈতে সম্পৰ্কৰ ভাৰসাম্য বজাই ৰখাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে ।
আনহাতে, নিৰ্বাচনৰ পূৰ্বে য়ুন চুক ইয়োলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে সম্পৰ্ক অধিক গভীৰ কৰাৰ লগতে উত্তৰ কোৰিয়াৰ সৈতে শান্তি স্থাপন কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।