Daily Time Axom

কৰ’নাত ক্ষতিগ্ৰস্ত অভিভাৱকক আৰ্থিক সহযোগিতা

0 10

এছিয়ান কিডছ্ ইংলিছ স্কুলৰ মহানুভৱতা,১ম শ্ৰেণীৰ পৰা ৫ম শ্ৰেণীলৈ বিনামূলীয়া নামভৰ্তিৰ সুবিধা

যি সময়ত ব্যক্তিগত ক্ষণ্ডৰ বিদ্যালয়সমূহে একমাত্ৰ ধন ঘটাই তেওঁলোকৰ উদ্দেশ্য বুলি সৰ্বত্ৰে প্ৰচাৰিত তেনে সময়তে বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ এখন বেচৰকাৰী ইংৰাজী মাধ্যমৰ বিদ্যালয়ে দেখুৱাইছে এক অনন্য নিদৰ্শন ৷ বিগত দুটা বছৰে কৰ’না অতিমাৰীৰ সময়ত শিক্ষাক্ষেত্ৰখন বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছে ৷ সমান্তৰালভাৱে আৰ্থিকভাৱেও জুৰুলা হৈছে অভিভাৱক ৷ এনে আৰ্থিক ক্ষতিগ্ৰস্ততাৰ পৰা অভিভাৱকক সকলোক সকাহ দিয়াৰ উদ্দেশ্য অভয়াপুৰীৰ সৰ্বোত্তম শিশুকেন্দ্ৰীক বিদ্যালয় এছিয়ান কিডছ্ ইংলিছ স্কুলে আগুন্তুক ২০২২-২৩ বৰ্ষৰ বাবে ১ম শ্ৰেণীৰ পৰা ৫ম শ্ৰেণীলৈ সকলো ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া নামভৰ্তিৰ সূযোগ প্ৰদান কৰিছে ৷

আজি বিদ্যালয় প্ৰশালাত অনুষ্ঠিত হোৱা এক সংবাদমেলত এই কথা সদৰি কৰে বিদ্যালয়খনৰ অধ্যক্ষ জগদিশ্বৰ দাসে ৷ সংবাদমেলত অধ্যক্ষই জানিবলৈ দিয়া মতে চৰকাৰী পঞ্জীয়নভূক্ত নন প্ৰফিটেবল, চেৰিটেবল শৈক্ষিক ন্যাস এছিয়ান এডুকেশ্বনেল ট্ৰাষ্টৰ দ্বাৰা পৰিচালিত বিদ্যালয়খনৰ এই বিনামূলীয়া নামভৰ্তিৰ সমূদায় ধন বহন কৰিব এছিয়ান এডুকেশ্বনেল ট্ৰাষ্টে ৷ উল্লেখযোগ্য যে ২০১৪ চনৰ পৰা বাধ্যতামূলক অসমীয়া ভাষা থকা এই বিদ্যালয়খনে অভয়াপুৰীত শিশু শিক্ষাৰ ক্ষেত্ৰত এক অগ্ৰনী ভূমিকা গ্ৰহন কৰি আহিছে ৷

অভয়াপুৰীৰ পৰা সুভম দাসৰ ৰিপোৰ্ট ।

Leave A Reply

Your email address will not be published.