Daily Time Axom

আজি বিশ্ব মূকাভিনয় দিৱস

0 31

সুৰজিৎ একাডেমীত বিশ্ব মূকাভিনয় দিৱস পালন


বিশ্ব মূকাভিনয় দিৱস হৈছে বিশ্ব মাইম সংগঠনৰ এক বিশ্বব্যাপী উদ্যোগ যাৰ দ্বাৰা ২২ মাৰ্চত ফৰাচী মাইম শিল্পী মাৰ্চেল মাৰ্চেউৰ জন্মৰ দিনা
মূকাভিনয় কলা আৰু অ-মৌখিক যোগাযোগ উদযাপন কৰা হয়। বিশ্ব মূকাভিনয় দিৱস ২০১১ চনৰ পৰা চাৰিখন মহাদেশত প্ৰতি বছৰে অধিকসংখ্যক দেশত উদযাপন কৰা হয়। আজি সুৰজিৎ একাডেমীত একাডেমীৰ প্ৰাংগনত বিশ্ব মূকাভিনয় দিৱস পালন কৰা। উক্ত কাৰ্য্যক্ৰমত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ছিনিয়ৰ ফেল’শ্বিপ প্ৰাপ্ত সীমান্ত শৰ্মাই বিশ্ব মূকাভিনয় দিৱসৰ বিষয়ে আলোকপাত দাঙি ধৰে লগতে বিনীতা দেৱীয়ে কাৰ্য্যক্ৰমত বিশ্বৰ মূকাভিনয় কৰা সকলো শিল্পীক শ্ৰদ্ধা আৰু শুভেচ্ছা জনাই আৰু বিশ্ব মূকাভিনয় দিৱসৰ ওপৰত বক্তব্য দাঙি ধৰে । বিশ্ব মূকাভিনয় দিৱসত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা জলপানি প্ৰাপ্ত হৃদয় জ্যোতি দাস, হাৰ্দিক শৰ্মা, প্ৰণৱ জ্যোতি ৰাভা, ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা জলপানি প্ৰাপ্ত আৰু ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ উত্তৰ পূব মণ্ডল সাংস্কৃতিক কেন্দ্ৰৰ পৰা যুৱ শিল্পী বঁটা প্ৰাপ্ত ধ্ৰুৱ জ্যোতি কলিতাই মূকাভিনয় পৰিবেশন কৰে । অনুষ্ঠানত বিভিন্ন মহাবিদ্যালয়- বিশ্ববিদ্যাল়ৰপৰা অহা শিক্ষাৰ্থী তথা জালুকবাৰীৰ সাংস্কৃতিক প্ৰেমীয়ে বিশ্ব মূকাভিনয় দিৱস কাৰ্য্যসূচীৰ সাংস্কৃতিক কাৰ্য্যক্ৰম উপভোগ কৰে।

Leave A Reply

Your email address will not be published.