ক’ৰ এইগৰাকী মহিলাই স্বামীক যৌনতাৰ বাবে হত্যা কৰিলে
এগৰাকী মহিলাৰ ওপৰত স্বামীক অত্যাধিক যৌন সম্ভোগ বিচাৰি হত্যা কৰাৰ অভিযোগ উঠিছে । ইয়াৰ পিছত, স্বামীৰ মৃতদেহৰ চাৰিওফালে চুবুৰীয়া লোক আৰু আত্মীয়সকল একত্ৰিত হয় আৰু মহিলাগৰাকীৰ ওপৰত আক্ৰমণ কৰে। পিছত আৰক্ষী উপস্থিত হৈ মহিলাগৰাকীক উদ্ধাৰ কৰে ।
গোচৰটো নাইজেৰিয়াৰ আনমব্ৰা ৰাজ্যৰ । ইয়াত আগুলেৰী সম্প্ৰদায়ৰ এজন লোকৰ মৃত্যু হৈছে পত্নীৰ অত্যাধিক যৌন সম্ভোগৰ কামনাৰ বাবে । মৃতকৰ পৰিয়ালৰ সদস্যসকলে অভিযোগ কৰিছে যে মহিলাগৰাকীয়ে তেওঁৰ স্বামীক “অত্যাধিক পৰিমাণে যৌন” নিৰ্যাতনেৰে হত্যা কৰিছে।
ঘটনাটোৰ এটা ভিডিঅ’ ভাইৰেল হৈ আছে। য’ত মহিলাগৰাকীক তেওঁৰ স্বামীৰ মৃত শৰীৰৰ কাষত নগ্ন হৈ বহি থকা দেখা গৈছে। আৰু মানুহে তেওঁক মৌখিকভাৱে আক্ৰমণ কৰা দেখা গৈছে। আৰক্ষীয়ে দাবী কৰিছে যে ভিডিঅ’টোৰ সৈতে কোনো ধৰণৰ মিল নাই ঘটনাৰ।
আৰক্ষীয়ে কৈছে যে মহিলাগৰাকীক আক্ৰমণ কৰাৰ বাবে এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। আনমব্ৰা ৰাজ্যিক আৰক্ষীৰ মুখপাত্ৰ টোচুকু ইকেঙ্গাই কয় যে এগৰাকী মহিলাক আমব্ৰা ৰাজ্যিক আৰক্ষীয়ে আগুলেৰীত খঙাল জনতাৰ মাজত উদ্ধাৰ কৰিছে।
এই পদক্ষেপবোৰ এটা ট্ৰেণ্ডিং ভিডিঅ’ৰ ওপৰত আধাৰিত কৰি লোৱা হৈছে। য’ত এগৰাকী মহিলাক ৰাজহুৱাভাৱে স্বামীৰ মৃত্যুৰ বাবে দায়ী কৰি প্ৰহাৰ কৰা হৈছিল।
আৰক্ষীৰ এজন মুখপাত্ৰই কৈছে যে মৃতদেহ ইতিমধ্যে সমাধিস্থ কৰা হৈছে। মহিলাগৰাকী উদ্ধাৰ কৰা হৈছিল আৰু বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।