Daily Time Axom

ৰাজ্যৰ জল পৰিবহন বিভাগত নতুন সংযোজনঃ ৰ’-পেক্স জাহাজ

0 14

ডিজিটেল ডেস্কঃ যোৰহাট আৰু মাজুলীবাসীৰ বাবে সুখবৰ । ৰাজ্যৰ জল পৰিবহন বিভাগত নতুনকৈ সংযোজন কৰা হ’ব ৰʼ-পেক্স জাহাজ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰিব জাহাজ দুখন। কলকাতাৰ পৰা অনা এই জাহাজ দুখন ৩১ অক্টোবৰত মুকলি কৰা হ’ব। চাৰিচকীয়া দুচকীয়া বাহনৰ লগতে সৰহ সংখ্যক লোক উঠিব পৰা এই জাহাজ দুখনৰ যথেষ্ট বহনক্ষমতা আছে। মাজুলীৰ পৰা যোৰহাটলৈ নিয়মীয়াকৈ চলিব এই জাহাজদুখন । আধুনিক সা-সুবিধাৰে সমৃদ্ধ এই জাহাজখনত যাত্ৰীৰ নিৰাপত্তাৰ সু-ব্যৱস্থা কৰা হৈছে।

Leave A Reply

Your email address will not be published.