Daily Time Axom

অভয়াপুৰীত ঘৰৰ ভিতৰতে হানি খুছি হত্যা এগৰাকী মহিলাক

0 12

অভয়াপুৰীৰ সন্তোষপুৰৰ তৃতীয় খণ্ডত হত্যাকাণ্ড । আফৰোজা খাটুন (২৩) নামৰ মহিলা এগৰাকীক ঘৰৰ ভিতৰতে হানি খুছি হত্যা । নিশা নিজ ঘৰৰ শোৱনী কোঠাত আফৰোজা খাটুন স্বামী আৰু একমাত্ৰ তিনি বছৰীয়া পুত্ৰ সন্তানৰ লগত শুই থকা সময়তে এই হত্যাকাণ্ড । পৰিয়ালৰ অভিযোগ মতে অচিনাক্ত দুগৰাকী লোকে সিন্ধি দি (গাঁত খান্দি) ঘৰৰ ভিতৰত প্ৰৱেশ কৰি এই হত্যাকাণ্ড সংঘটিত কৰে । হত্যাকাণ্ড সংঘটিত কৰি অচিনাক্ত লোক দুগৰাকী পলাই যায় । মহকুমা আৰক্ষী বিষয়া নিতুমনি দাসৰ নেতৃত্বত আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । আৰক্ষীয়ে ইতিমধ্যে মৃত মহিলা গৰাকীৰ স্বামী ছাহাজুল ইছলামক সোধপোছৰ বাবে আৰক্ষী থানালৈ লৈ গৈছে । হত্যাকাণ্ড সংঘটিত কৰা কাৰ্য্যত ব্যৱহৃত কৰা চোকা অস্ত্ৰ আৰু কিছু সামগ্ৰী আৰক্ষীয়ে জব্দ কৰিছে । মৃত আফৰোজা খাটুনৰ পৰিয়ালে সন্দেহ কৰা মতে এই হত্যাকাণ্ডৰ লগত মৃতকৰ স্বামী ছাহাজুল ইছলাম জড়িত।

অভয়াপুৰীৰ পৰা সুভম দাসৰ ৰিপোৰ্ট ।

Leave A Reply

Your email address will not be published.