Daily Time Axom

ৰাজ্য সভাত বিজেপিৰ জয় যাত্ৰা, কংগ্ৰেছৰ মুখ থেকেছা ৷ পৱিত্ৰ-৪৬, ৰণগৌৰা-৪৪ আৰু ৰিপুন বৰা ৩৫ ভোট লাভ।

0 33

ৰাজ্য সভাৰ নিৰ্বাচনৰ অসমৰ দুয়োখন আসনতে জয় লাভ বিজেপি আৰু বিজেপিৰ মিত্ৰ দল UPPL ৰ দুই প্ৰাৰ্থী ক্ৰমে পৱিত্ৰ গগৈ (মাৰ্ঘেৰিটা) আৰু ৰণগৌৰা নাৰ্জাৰী ৷ ৫ টা ভোট বাতিলৰ বাবে নিৰ্বাচন আয়োগক দাবী জনোৱা পৰিপেক্ষিতত নিশা পলমকৈ আৰম্ভ হয় ভোট গননা ৷ ৰ্নিবাচন আয়োগে খাৰিজ কৰে কংগ্ৰেছৰ অভিযোগ ৷ নিৰ্বাচন আয়োগে পোল হোৱা ১২৬ টা ভোটেই বৈধ বুলি ঘোষণা কৰাৰ পিছতে আৰম্ভ হয় ভোট গননা ৷ ১২৬ টা ভোটৰ ১ টা ভোট অযোগ্য ঘোষণা কৰা হয় ৷ ফলাফল অনুসৰি-

ৰণগৌৰা নাৰ্জাৰীক মুখ্যমন্ত্ৰীৰ অভিনন্দন

পৱিত্ৰ গগৈ (মাৰ্ঘেৰিটা) – ৪৬
ৰণগৌৰা নাৰ্জাৰী-৪৪
আৰু ৰিপুন বৰাই ৩৫ টা ভোট লাভ কৰে ৷

বৃহস্পতি বাৰৰ প্ৰায় মাজনিশা ফলাফল ঘোষণা কৰাৰ পিছত দুয়ো নৱ নিৰ্বাচিত ৰাজ্য সভাৰ সাংসদে অসম বিধান সভাৰ সচিব আৰু ৰিটাৰ্নিং বিষয়াৰ পৰা জয়ৰ প্ৰমাণ পত্ৰ সংগ্ৰহ কৰে ৷ প্ৰমাণ পত্ৰ সংগ্ৰহ কৰি গগৈ আৰু নাৰ্জাৰী দুয়োজনে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি ধন্যবাদ জ্ঞাপন কৰে ৷ মুখ্যমন্ত্ৰীয়ে দুয়োকে আন্তৰিক শুভ কামনা আৰু অভিনন্দন জনায়।

Leave A Reply

Your email address will not be published.