গোলাঘাট জিলাৰ বৰপথাৰত শোকৰ ছাঁঃশিক্ষাবিদ, সমাজকৰ্মী তথা সাংস্কৃতিক কৰ্মী ভৈৰৱ সন্দিকৈৰ দেহাৱসান
গোলাঘাট জিলাৰ বৰপথাৰত শোকৰ ছাঁ। বৰপথাৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ শিক্ষাবিদ, সমাজকৰ্মী তথা সাংস্কৃতিক কৰ্মী ভৈৰৱ সন্দিকৈৰ দেহাৱসান। দীৰ্ঘদিন অসুখত ভোগী থাকি ৫৭ বছৰ বয়সত বৰপথাৰৰ নগৰস্থিত নিজা বাস ভৱনত বুধবাৰে সন্ধ্যা ৭:৫৩ বজাত শেষ নিশ্বাস ত্যাগ কৰে অধ্যক্ষ ভৈৰৱ সন্দিকৈয়ে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি ১৯৯১ চনত বৰপথাৰ মহাবিদ্যালয়ত প্ৰৱক্তা ৰূপে যোগদান কৰিছিল প্ৰয়াত সন্দিকৈয়ে। ইয়াৰ পিছতে ১৯৯৬ চনত সেই সময়ত অপ্ৰাদেশীকৃত হৈ থকা বৰপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ দ্বায়িত্ব গ্ৰহন কৰাৰ পিছত ২০০৬ চনত চৰকাৰী স্বীকৃতি লাভ কৰা মহাবিদ্যালয়খনৰ অধ্যক্ষ হিচাপে মৃত্যু প্ৰৰ্যন্ত দ্বায়িত্ব পালন কৰে। তেখেতৰ মৃত্যুত বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰাৰ লগতে বৃহস্পতি বাৰে পুৱা অধ্যক্ষ ভৈৰৱ সন্দিকৈৰ নশ্বৰ দেহ এক শোভাযাত্ৰা কৰি বৰপথাৰ মহাবিদ্যালয়ৰ চৌহদলৈ লৈ অনা হয়।
মহাবিদ্যালয়ৰ চৌহদত অঞ্চলটোৰ বিভিন্ন দল সংগঠনে তেখেতলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰে। মৃত্যুৰ সময়ত তেখেতে পিতৃ-মাতৃ, ভাই ভাতৃৰ লগতে দুই পুত্ৰ সন্তান আৰু অধ্যাপক পত্নীক ইহ সংসাৰত এৰি থৈ গৈছে। ভৈৰৱ সন্দিকৈৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে।
সৰুপথাৰ ৰ পৰা অনুপ বৰা ৰিপৰ্ট