মাৰ্ঘেৰিটাত অটোক মহটিয়ালে ভাইকে, নিহত ১, আহত ১
পুনৰ উদণ্ড বাইক আৰোহীৰ বাবে প্ৰাণ হেৰুৱালে এগৰাকী নিৰীহলোকে । পাৱৈ ফালৰ পৰা মাৰ্ঘেৰিটালৈ আহি আছিল AS23 G 1585 নম্বৰৰ অটোখন । অটোখনত এজন যাত্ৰী আছিল । একেটা পথৰে আহি থকা AR12 9138 নম্বৰৰ পালচাৰ বাইক খনে মাকুমবাগানৰ সমীপস্থ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত পাছফালৰ পৰা খুণ্ডিয়াই দিয়ে। ফলত অটোখন বাগৰি পৰে । দুৰ্ঘটনাটোত বিক্ৰম ভট্ৰাচাৰ্য নামৰ অটোৰ চালক জন থিতাতে মৃত্যুমুখত পৰে ।
এই দুৰ্ঘটনাত বাইকখনৰ গৰাকী তথা আৰোহী প্ৰমোদ তপ্ন গুৰুতৰ ভাৱে আহত হয় ! ইতিমধ্যে আহত প্ৰমোদক মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে । অৱশ্যে সংকটজনক হোৱা বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে । অন্যহাতে দুৰ্ঘটনা সংঘটিত কৰিয়ে বাইক চালক পলায়ণ কৰে । বাইক চালকজন নামদাংৰ জনৈক কালু বুলি জনা গৈছে ।
মাৰ্ঘেৰিটাৰ পৰা প্ৰতিক ছেত্ৰীৰ ৰিপৰ্ট