Daily Time Axom

শিৱসাগৰৰ বিভিন্ন প্ৰান্তত জয়া দিৱসৰ আয়োজন

0 12

বাকচু খেলুৱা গাঁৱত জয়া স্মৃতি দিৱস উদযাপন

শিৱসাগৰৰ বাকচু মহিলা সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত মহাসতী জয়মতীৰ স্মৃতি দিৱস উপলক্ষে অনুষ্ঠিত হয় জয়মতী নাটক। জয়মতী স্মৃতি দিৱসৰ লগত সংগতি ৰাখি পুৱাৰ ভাগত কণ কণ ছাত্ৰ ছাত্ৰী সকলৰ মাজত কবিতা আবৃতি আৰু চিত্ৰকলা অনুষ্টিত হৈ যায়।
শিৱসাগৰৰ ঐতিহাসিক বাহগঁড়ৰ সমীপৰ বাকচু খেলুৱা গাঁৱত সৌয্য বীৰ্য্য অক্ষুণ্ণ ৰাখি বিগত নিশা অনুষ্ঠিত কৰা হয় জয়মতীৰ স্মৃতি দিৱস। বাকচু খেলুৱা, মাউৎ গাঁৱৰ দুুৱৰী গাঁও, বাকচু কোৱঁৰ গাওঁ আৰু দাতিকাষঢ়িয়া গাওঁ সমূহ লগ হৈ মহিলাসকলৰ উদ্যোগত মঞ্চস্থ কৰা হয় জয়মতী নাটক। নতুন প্ৰজন্মক জয়মতীৰ দেশপ্ৰেম, সাহস, ত্যাগ, আত্মবলিদান দেখুওৱাৰ প্ৰয়াস কৰা হয় জয়মতীৰ নাটকখনৰ মাধ্যমেৰে। দেশ, জাতিৰ ৰক্ষাৰ স্বাৰ্থত আত্মবলিদান দিয়া এইগৰাকী প্ৰথম অসমীয়া নাৰীক ৰাজনীতিৰ লালসাত অকথ্য নিৰ্যাতন কৰা হয় যদিও যুগে যুগে ইতিহাসৰ পটভূমিত উজ্বলি থাকিব।

Leave A Reply

Your email address will not be published.