Daily Time Axom

বোকাখাত পৌৰ সভাৰ নৱনিৰ্বাচিত সদস্য-সদস্যাসকলৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী অতুল বৰা

0 19

“Asomi ব’হাগী মেলা”ৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন

বোকাখাত পৌৰ সভাৰ নৱনিৰ্বাচিত সদস্য-সদস্যাসকলৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী অতুল বৰা। মিত্ৰজোঁটৰ নেতৃত্বত গঠন হ’বলগীয়া নৱনিৰ্বাচিত পৌৰ সভাখনে সমিল-মিলেৰে আৰু নিঃস্বাৰ্থভাৱে সেৱা আগবঢ়োৱাৰ লগতে উন্নয়নমূলক কাম-কাজসমূহ আগুৱাই নি বোকাখাত নগৰখনক এখন উন্নত আৰু জাকত-জিলিকা নগৰ হিচাপে গঢ়ি তোলাত অহোপুৰুষাৰ্থ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰদান কৰে।পৌৰসভাখনৰ নৱনিৰ্বাচিত পৌৰপতি ৰত্নেশ্বৰ বৰুৱা আৰু উপ-পৌৰপতি ৰাণা দেৱনাথকে প্ৰমুখ্যে কৰি সমূহ সদস্য-সদস্যাক মোৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। অনুষ্ঠানত বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱ, চক্ৰ বিষয়া তথা পৌৰ সভাৰ মুখ্য কাৰ্যবাহী বিষয়া সৌভিক দত্ত, গোলাঘাট জিলা বিজেপিৰ সভাপতি দেবপ্ৰদীপ বৰা, বোকাখাত বিধান পৰিষদৰ সভাপতি জগত কলিতা প্ৰমুখ্যে বহু গণ্য-মান্য ব্যক্তি, বিজেপি-অগপ-গণশক্তি দলৰ বিষয়ববীয়া-কৰ্মকৰ্তা, সংবাদসেৱীসকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

বোকাখাতত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত আৰু গোলাঘাট পশ্চিম উন্নয়ন খণ্ডৰ সৌজন্যত আত্মসহায়ক গোটসমূহৰদ্বাৰা আয়োজিত “asomi ব’হাগী মেলা”খনৰ আজি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে মন্ত্ৰী অতুল বৰাই । অনুষ্ঠানত আত্মসহায়ক গোটসমূহৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ প্ৰদৰ্শনীখন পৰিদৰ্শন কৰি তথা অনুষ্ঠানৰে সংগতি ৰাখি আয়োজন কৰা কণী যুঁজত অংশ লৈ উৎফুল্লিত হৈ পৰে মন্ত্ৰী অতুল বৰা । অনুষ্ঠানত বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, চক্ৰ বিষয়া সৌভিক দত্ত, জিলা গ্ৰাম্য উন্নয়ন প্ৰাধিকৰণৰ প্ৰকল্প সঞ্চালক, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জিলা প্ৰকল্প প্ৰবন্ধক, গোলাঘাট পশ্চিম উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া প্ৰমুখ্যে আত্মসহায়ক গোটসমূহ আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.