দেওমৰনৈ পাতিদৰং পানীযোগান আঁচনিৰ শুভ উদ্বোধন মন্ত্ৰী পীয়ূষ হাজৰিকাৰ
জলজীৱন মিছনৰ দেওমৰনৈ পাতিদৰং পানীযোগান আঁচনিৰ শুক্ৰবাৰে শুভ উদ্বোধন কৰে অসম চৰকাৰৰ মন্ত্ৰী পীয়ূষ হাজৰিকাই ৷ অসম চৰকাৰৰ জলসম্পদ, সংসদীয় পৰিক্ৰমা,তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকাই শুক্ৰবাৰে বিয়লি পাতিদৰং পানী যোগান আঁচনিৰ কাৰ্যক্ষম বিশুদ্ধ খোৱাপানীৰ গৃহ সংযোগৰ উদ্বোধন কৰে ৷ উক্ত উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী গৰাকীক সংগ দিয়ে ছিপাঝাৰ বিধান সভা সমষ্টিৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশী, ছিপাঝাৰ গৰুখুটি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকা, প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস, জিলা উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা, দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ৰমেন মালাকাৰ প্ৰমুখ্যে বিষয়াসকলে ৷ ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে পাতিদৰং শ্ৰীশ্ৰীঅৰ্দ্ধনাৰীশ্বৰ শিৱ মন্দিৰত উদ্যাপিত বাসন্তী পূজাৰ নিৰ্মালী গ্ৰহণ কৰে ৷