কোকৰাঝাৰৰ আদালতত গুজৰাটৰ কংগ্ৰেছৰ সমৰ্থক বিধায়ক জিগনেছ মেৱানী ৷ জামিন আবেদন নাকচ, ৩ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ ৷
কোকৰাঝাৰত বৃহস্পতিবাৰে বিয়লি আদালতত হাজিৰ কৰোৱা মুহূৰ্তত গুজৰাটৰ কংগ্ৰেছৰ সমৰ্থক বিধায়ক জিগনেছ মেৱানী ৷ কোকৰাঝাৰত ৰুজু হোৱা এটা গোচৰৰ ভিত্তিত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আনিছে বিধায়ক জিগনেছ মেৱানীক ৷ অৰূপ দে নামৰ ব্যক্তিৰ এজাহাৰৰ ভিত্তিত বিধায়কজনক গ্ৰেপ্তাৰ কৰা হৈছে । আদালতে জিগনেছ মিৱানীৰ জামিন আবেদন নাকচ কৰাৰ লগতে তেঁওক ৩ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে ৷ প্ৰধানমন্ত্ৰী মোডীক সমালোচনা কৰি কৰা এটা টুইটৰ বাবেই এই অথন্তৰ দলিত নেতা তথা বিধায়ক জিগনেছ মেৱানীৰ।
