Daily Time Axom

এপ্ৰিলত কাৰ্বি আংলঙৰ লৰিংথেপীলৈ আহিব দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

0 20

কাম কাজৰ অগ্ৰগতিৰ বুজ ল’লে মন্ত্ৰী পীয়ূষ হাজৰিকাই

কাৰ্বি আংলঙৰ লৰিংথেপীলৈ অহা ২৮ এপ্ৰিলত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আহিব । অংশ গ্ৰহণ কৰিব এক জনাকীৰ্ণ সভাত । প্ৰায় পাঁচ লক্ষ লোকে অংশ লোৱাৰ কথা । প্ৰায় পাঁচশ বিঘা ভূমিত দিনে নিশাই অব্যাহত আছে কাম কাজ । শুকুৰবাৰে কাৰ্বি আংলঙৰ লৰিংথেপীৰ সভাস্থলীত কাম কাজৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে উপস্থিত হয় অসম চৰকাৰৰ মন্ত্ৰী পীয়ূষ হাজৰিকা । মন্ত্ৰী গৰাকীয়ে কাৰ্বি আংলঙত উপস্থিত হৈয়েই কংগ্ৰেছ দলক খূৰধাৰ সমালোচনা কৰি কয় যে অহা ২০ বছৰলৈ কংগ্ৰেছ নাহে । লগতে প্ৰধান মন্ত্ৰীৰ ভ্ৰমণ সম্পৰ্কত কয় শান্তি আৰু উন্নয়নৰ বাৰ্তালৈ প্ৰধান মন্ত্ৰী আহিব । মন্ত্ৰীগৰাকীৰ লগত থাকে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাংসহ কাৰ্যবাহী সদস্যসকল, বিধায়কদ্বয় বিদ্যাছিং ইংলেং আৰু দৰছিং ৰংহাং।

Leave A Reply

Your email address will not be published.