Daily Time Axom

শুকুৰবাৰে কৰিমগঞ্জৰ বদৰপুৰ ৰে’ল আৰক্ষীৰ হাতত আটক ২ ইউক্ৰেইনীয় নাগৰিক

0 14

যুদ্ধই কোঙা কৰা ইউক্ৰেইনৰ পৰা পলাই আহি অসম পালেহি ইউক্ৰেইনৰ নাগৰিক।

শুকুৰবাৰে কৰিমগঞ্জৰ বদৰপুৰ ৰে’ল আৰক্ষীৰ হাতত আটক হয় দুজনকৈ ইউক্ৰেইনৰ নাগৰিক।

আগৰতলা-নতুনদিল্লী অভিমুখী ত্রিপুৰা সুন্দৰী এক্সপ্রেছৰ পৰা আটক কৰা হয় এই দুই ইউক্রেনীয় নাগৰিকক।আটকাধীন এই দুই নাগৰিকক বদৰপুৰ ৰে’লৱে জংচনত কৰ্তব্যৰত আৰক্ষীয়ে আটক কৰে।

আটক কৰা এই দুই নাগৰিকৰ নাম ক্ৰমে ত্রিশচিনস্কি ভলোডিমিৰ (৩৯), তেওঁৰ ঘৰ ইউক্রেইনৰ ঝিবোমিৰ অঞ্চলৰ নোভো ইভানুস্কা চহৰত, আনজনৰ নাম নাজাৰী ভোজনিউক (২১), ঘৰ ইউক্রেনৰ ঝিটোমিৰস্কি অঞ্চলৰ বাৰডিচেভ লুপোভো চহৰত। ৰে’ল আৰক্ষীয়ে এই দুই ইউক্রেইনৰ নাগৰিক দুজনৰ হাতত কোনেধৰণৰ বৈধ নথি-পত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই। সেয়েহে দিল্লীস্থিত ইউক্রেইনৰ দূতাবাসৰ লগত ইতিমধ্যে আৰক্ষীয়ে যোগাযোগ কৰিছে।

ইউক্রেইনৰ পৰা কেনেকৈ এই দুই যুৱক আহি ভাৰত তথা অসমত প্ৰবেশ কৰিবলৈ সক্ষম হ’ল ইয়াক লৈ ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Leave A Reply

Your email address will not be published.