Daily Time Axom

লখিমপুৰত দুখন ট্ৰাকসহ ৪৯ টা গৰু জব্দ, ৫ টা চোৰাং বেপাৰী গ্ৰেপ্তাৰ

0 7

২২ এপ্ৰিলৰ নিশা লখিমপুৰ আৰক্ষীয়ে চলোৱা নিয়মীত লালুকত চোৰাং বেপাৰীৰ পৰা বৃহৎ সংখ্যক গৰু জব্দ কৰিবলৈ সক্ষম হয় ৷ লালুক আৰক্ষী থানাৰ আৰক্ষী আৰু CRPF ৰ যৌথ তালাচীত অবৈধভাবে ট্ৰাকত বৰ্হিৰাজ্যলৈ লৈ যাবলৈ চেষ্টা কৰা ৪৯ টা গৰু উদ্ধাৰ কৰে নিশা প্ৰায় ১১-৩০ বজাত ৷ লগতে জব্দ কৰা হয় দুখন ডাঙৰ ছয়চকীয়া ট্ৰাক, নগদ টকা, আৰু গ্ৰেপ্তাৰ কৰা হয় পাঁচজন সৰবৰাহকাৰী ৷ সৰবৰাহকাৰীৰ পৰা নগদ ৫০০০০.০০ টকা উদ্ধাৰ কৰা হয় ৷ আটক কৰা চোৰাং গো-সৰবৰাহকাৰী কেইটা হ’ল- সূৰুজ আলী, আশ্বাদুল ইছলাম, শ্বৰিফুল ইছলাম, ৰফিকুল ইছলাম আৰু বাবৰ আলী ৷

ধৃত চোাৰং বেপাৰীকেইজন- সূৰুজ আলী, আশ্বাদুল ইছলাম, শ্বৰিফুল ইছলাম, ৰফিকুল ইছলাম আৰু বাবৰ আলী
Leave A Reply

Your email address will not be published.