Daily Time Axom

ৰাজধানী দিল্লীত তৃতীয় পৰ্যায়ৰ কৰোণা সংক্ৰমণ

0 10

ডিজিটেল ডেস্কঃ দেশৰ ৰাজধানী দিল্লী বৰ্তমান তৃতীয় পৰ্যায়ৰ কৰোণাৰ কবলত। কৰোনা সংক্ৰমণ প্ৰতিদিনাই বাঢ়ি যোৱা পৰিলক্ষিত হৈছে। দিল্লীতো কৰোণা সংক্ৰমণৰ সংখ্যা ব্যাপক হাৰত বাঢ়ি গৈ আছে। এই লৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য প্ৰকাশ কৰে যে দিল্লীটো কৰোণাৰ সংক্ৰমণ যথেষ্ট বাঢ়ি গৈ আছে যাৰ বাবে তেওঁ বৃহস্পতিবাৰে আবেলি ৪ বজাত এখন বৈঠকৰ আয়োজন কৰাৰ কথা সদৰি কৰিছে। চিকিৎসালয় সমূহত ICU বৰ্ড, ভেন্টিলেটৰ আদিৰ যাতে অভাৱ নহয় তাৰ ব্যৱস্থা সম্পৰ্কে এই বৈঠকত আলোচনা কৰা হব বুলি মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰী কেজৰিৱালে। উল্লেখ্য যে দেশৰ ৰাজধানী দিল্লীত যোৱা ২৪ ঘন্টাত কৰোণাত আক্ৰান্ত হোৱা মুঠ সংখ্যা ৬,৭২৫ গৰাকী।

Leave A Reply

Your email address will not be published.