Daily Time Axom

বিৰল ঘটনাঃ ডাক্তৰে কিয় কাটি পেলালে এটা ২ বছৰীয়া শিশুৰ লিংগ

0 16

চিকিৎসা বিজ্ঞানত বিৰল ঘটনা।

ঘটনাটো ব্ৰাজিলত ঘটিছে। চিকিৎসকসকলে কৈছে যে এনে ঘটনা ৫০ লাখৰ মাজত এজনৰ ক্ষেত্ৰত সংঘটিত হয়। যিটো বিৰল। এই শিশুটোৰ ক্ষেত্ৰত এনেকুৱাই হৈছিল। ২ বছৰীয়া শিশু এটাৰ দুটা লিঙ্গ আছিল।প্ৰথমে, চিকিৎসকসকলে সিদ্ধান্ত লৈছিল যে ডাঙৰ লিংগটো ৰাখি সৰু লিংগটো কাটি পেলোৱা হ’ব। কিন্তু শিশুটোৰ মাতৃয়ে লক্ষ্য কৰিছিল যে পুত্ৰই সৰু লিঙ্গেৰেহে স্বাভাৱিকভাৱে প্ৰস্ৰাৱ কৰিছিল।

তাৰ পিছতে, চিকিৎসকে পৰীক্ষা কৰি গম পাইছিল যে ডাঙৰ লিঙ্গটোৱে সঠিকভাৱে কাম কৰা নাছিল, কিয়নো কেঁচুৱাটোৰ মূত্ৰনলী যথেষ্ট ঠেক আছিল। তাৰ পিছত অস্ত্ৰোপচাৰটো সুচাৰুৰূপে সম্পন্ন কৰা হৈছিল। ডাঙৰ লিঙ্গটো লিংগটো কাটি পেলোৱা হৈছিল।

চিকিৎসকসকলে কয় যে এইটো এটা বিৰল জন্মগত বিকাৰ। অৱশ্যে, জন্মৰ সময়ত এই ত্ৰুটি কিয় লক্ষ্য কৰা হোৱা নাছিল সেই বিষয়ে গৱেষণা আৰম্ভ হৈছে। শিশুটোৱে দুটা লিঙ্গৰ সৈতে দুবছৰ অতিবাহিত কৰিছিল।

Leave A Reply

Your email address will not be published.