ইউক্ৰেইনৰ ৰাজধানী কিয়েভত আৰু কোনো ভাৰতীয় নাগৰিক আবদ্ধ হৈ থকা নাই। অহা তিনি দিনৰ ভিতৰত ইউক্ৰেইনৰ চুবুৰীয়া দেশসমূহৰ বিভিন্ন বিমানবন্দৰলৈ মুঠ ২৬ খন বিমান প্ৰেৰণ কৰা হ’ব যাতে তেওঁলোকক ঘৰলৈ ঘূৰাই আনিব পাৰে ।
ৰাছিয়া-ইউক্ৰেইন যুদ্ধত হাজাৰ হাজাৰ ভাৰতীয় নাগৰিক কিয়েভকে ধৰি কেইবাঠাইতো আৱদ্ধ হৈ আছে। মঙলবাৰে ৰাছিয়াৰ আক্ৰমণত কিয়েভৰ ৰাজপথত এজন ভাৰতীয় ছাত্ৰ নিহত হয়। ইয়াৰ অলপ পিছতে ইউক্ৰেইনৰ ভাৰতীয় দূতাবাসে টুইট কৰি ভাৰতীয় নাগৰিকসকলক কিয়েভ এৰি যাবলৈ পৰামৰ্শ দিয়ে। চিকিৎসা বিদ্যাৰ্থী নবীন শিখাৰাপ্পা গঙ্গুধৰৰ মৃত্যুৰ পিছত নৰেন্দ্ৰ মোডী চৰকাৰে কূটনৈতিক সক্ৰিয়তা আৰম্ভ কৰিছে। মঙলবাৰে আবেলি, নতুন দিল্লীত ৰাছিয়া আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰদূতসকলক মাতি পঠোৱা হয় আৰু তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
ভাৰতৰ বৈদেশিক সচিব হৰ্ষ বৰ্ধনে কয় যে প্ৰধানমন্ত্ৰীয়ে এই বিষয়ত এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰে। ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় নাগৰিকসকলক উদ্ধাৰ কৰিবলৈ প্ৰচেষ্টা কৰা হৈছে। “উদ্ধাৰ অভিযানটো বুখাৰেষ্ট, ৰোমানিয়া, হাংগেৰীৰ বুদাপেষ্ট আৰু স্লোভাক গণৰাজ্যৰ বিমানবন্দৰৰ মাজেৰে চলিব।
ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে কয় যে ইউক্ৰেইনত প্ৰায় ২০,০০০ শিক্ষাৰ্থী আছিল। ইয়াৰ ভিতৰত, ১২,০০০ শিক্ষাৰ্থীয়ে ইউক্ৰেইন ত্যাগ কৰিছে। আন কিছুমান খাৰকিভ অঞ্চলত আবদ্ধ হৈ আছে। কিছুমানে পূৱ ইউক্ৰেইনৰ মাজেৰে সীমা অতিক্ৰম কৰিছে। আৱদ্ধ ভাৰতীয় নাগৰিকসকলক উদ্ধাৰ কৰিবলৈ তিনি দিন লাগিব। ভাৰতীয় বায়ু সেনাকো উদ্ধাৰ অভিযান তৎপৰ কৰিবলৈ সাজু কৰা হৈছে।