নিউজ ডেস্ক, ১ মে’- আজি আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস । প্ৰতি বছৰেই ১ মে’ৰ দিনটো সমগ্ৰ বিশ্বজুৰি শ্ৰমিক দিৱস হিচাপে পালন কৰি আহিছে । সমগ্ৰ বিশ্বত শ্ৰমিকসকলে প্ৰতি দিনে ৮ ঘন্টাকৈ শ্ৰমদান দিয়াৰ সমৰ্থনত উত্থাপিত হোৱা দাবীৰে ১ মে’ৰ দিনটো শ্ৰমিক দিৱস হিচাপে পালন কৰা হয়।
বিশ্বৰ বিভিন্ন প্ৰান্তত সংঘটিত হোৱা ঐতিহাসিক শ্ৰমিক আন্দোলন আৰু শ্ৰমিকসকলৰ কষ্ট, ত্যাগৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি এই দিনটোত শ্ৰমিক দিৱস উদযাপন কৰা হয় ।
১৮৮৯ চনৰ আন্তৰ্জাতিক সমাজবাদী ফেডাৰেচনৰ দলসমূহ আৰু ট্ৰেড ইউনিয়নসমূহে ১ মে’ৰ দিনটো প্ৰথমবাৰৰ বাবে শ্ৰমিকসকলৰ বাবে উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।