Daily Time Axom

অধ্যক্ষ পদৰ বাবে বিজেপিৰ প্ৰাৰ্থীক সমৰ্থন কৰিব: কে চি ত্যাগী

লোকসভাত এন ডি এৰ অধ্যক্ষ কোন হ’ব সেই সন্দৰ্ভত ইতিমধ্যে জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। ইফালে জেডিইউ নেতা কেচি ত্যাগীয়ে কয় যে তেওঁৰ দল আৰু টিডিপি এনডিএৰ মিত্ৰতাৰ অংশীদাৰ। সেয়েহে তেওঁলোকে বিজেপিৰ মনোনীত অধ্যক্ষ প্ৰাৰ্থীক সমৰ্থন কৰিব। লগতে…

কি কৰিলে টেনচন লগে লগে নাইকিয়া হ’ব

এই দ্ৰুত গতিত আগবঢ়া পৃথিৱীখনত মানসিক চাপ বাঢ়িছে। কৰ্ম, পৰিয়াল, সম্পৰ্কৰ প্ৰতিটো ক্ষেত্ৰতে স্বাভাৱিক কাৰণত মানসিক চাপৰ সৃষ্টি হয়। মূৰৰ বিষ আৰু অন্যান্য শাৰীৰিক সমস্যাও বাঢ়িছে। থেৰাপিষ্টসকলৰ মতে মানসিক চাপে শৰীৰত বহু ধৰণে প্ৰভাৱ পেলায়।…

দৰং আৰক্ষী প্ৰশাসনলৈ এগৰাকী ব্যক্তিৰ কাতৰ অনুৰোধ

দুৰ্বৃত্তৰ বলি হৈ মানসিক ভাৱে ভাগি পৰিছে লোকজন। CCTV ফুটেজ ৰ জড়িয়তে দুৰ্বৃত্তক কৰায়ত্ব কৰি উচিত শাস্তি বিহিবলৈ আৰক্ষীলৈ অনুৰোধ লোকজনৰ। যোৱা কিছুদিন পূৰ্বে মঙলদৈ চহৰৰ মাজমজিয়াপৰা দুৰ্বৃত্তই এগৰাকী ব্যক্তিৰ হাতৰ পৰা কাঢ়ি লৈ গৈছিল নগদ আঢ়ৈ…

ঠিকাদাৰৰ গাফিলতিৰ বাবে কামপুৰৰ বৰচুঙত খহি গ’ল কোটিটকীয়া কপিলীৰ শিলবান্ধ

কামপুৰত বানৰ পিছত কপিলীৰ খহনীয়াই চিন্তিত কৰি তুলিছে নৈপৰীয়া ৰাইজক ৷ ঠিকাদাৰৰ গাফিলতিৰ বাবে কামপুৰৰ বৰচুঙত খহি গ'ল কোটিটকীয়া কপিলীৰ শিলবান্ধ ৷ যাৰ বাবে শংকিত হৈ পৰিছে নৈ পৰীয়া ৰাইজ ৷ ৰাইজৰ অভিযোগ, ঠিকাদাৰে বান্ধটো নিৰ্মানত দূৰ্নীতি সংঘটিত…

কংগোত নাও ডুবি কমেও ৮০ জন লোকৰ মৃত্যু

পশ্চিম কংগোৰ কোৱা নদীত নাও ডুবি কমেও ৮০ জনৰ মৃত্যু। কংগোৰ মাই-নডম্বে প্ৰদেশৰ মুছি চহৰৰ পৰা প্ৰায় ৭০ কিলোমিটাৰ দূৰত্বত থকা কোৱা নদীত বুধবাৰে এখন নাও ডুবি ৮০ জনতকৈ অধিক লোকৰ মৃত্যু হয়। কংগো-ব্ৰাজাভিল সীমান্তৰ সমীপৰ কোৱা নদীত প্ৰাণ হেৰুৱাই…

বিজেপিৰ অহংকাৰেই পতনৰ কাৰণ, আৰ এছ এছ নেতাই কৰিলে এই কটুক্তি

অহংকাৰে ডুবাই পেলাইছে বিজেপিক। আৰ এছ এছ নেতা ইন্দ্ৰশ্বীশ কুমাৰে ঠাট্টা কৰি মন্তব্য কৰিছে এইদৰে। চলিত লোকসভা অধিৱেশনত বিজেপিৰ অতিমাত্ৰা আস্থাই জনসাধাৰণক তেওঁলোকৰ পৰা বিচ্ছিন্ন কৰি তুলিছে। জয়পুৰৰ এক অনুষ্ঠানৰ পৰা ইন্দ্ৰশ্বীশ কুমাৰে কয়, "ৰাম…

মৰিজাঁজী দলগাঁৱৰ নামঘৰত শত বছৰ গৰকা ঐতিহাসিক নৱগ্ৰহ পূজা আৰু হোম যজ্ঞ অনুষ্ঠিত

টীয়কৰ মৰিজাঁজী দ-গাঁৱৰ নামঘৰত সমূহ দ-গাঁৱবাসীৰ উদ্যোগত আজি ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী নৱগ্ৰহ পূজা ও হোম যজ্ঞৰ লগতে মহাপুৰুষীয়া এভাগি অংকীয়া ভাওনাৰ আয়োজন কৰা হৈছে।অসমৰ বিভিন্ন প্ৰান্তৰ পূজাৰী তথা ভক্তই উক্ত হোম যজ্ঞত অংশগ্ৰহণ কৰিছে।উল্লেখযোগ্য…

মহানগৰীৰ অমৃত উদ্যানত যোগ শিবিৰৰ আয়োজন

সমগ্ৰ দেশজুৰি অহা ২১ জুনত অনুষ্ঠিতব্য আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱসৰ সৈতে সংগতি ৰাখি ৰাজ্য চৰকাৰৰ আয়ুষ সঞ্চালকালয় আৰু ৰাষ্ট্ৰীয় আয়ুষ মিছন,অসমৰ উদ্যোগত কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপৰ অমৃত উদ্যানত আজি পুৱা এক যোগ শিবিৰ অনুস্থিত হয় ।…

গৌহাটী উচ্চ ন্যায়ালয়-জিলা আদালত চৌহদত ” ন’ ফ্লাই জ’ন” ঘোষণা

গৌহাটী উচ্চ ন্যায়ালয় চৌহদ তথা গুৱাহাটী জিলা আদালত চৌহদক সামৰি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ "ন' ফ্লাই জ'ন" হিচাপে ঘোষণা কৰিছে কামৰূপ মহানগৰ জিলা দণ্ডাধীশে । এই ব্যবস্হা পৰবৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব

অম্বুবাচী মেলাত কামৰূপ (ম)ত পৰীক্ষা অনুস্থিত নকৰিবলৈ শিক্ষা বিভাগৰ নিৰ্দেশ

আগন্ত্তক অম্বুবাচী মেলাৰ সময়ছোৱাত কামৰূপ মহানগৰ জিলাৰ অধীনস্থ সকলো চৰকাৰী,প্ৰাদেশিককৃত আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ কামৰূপ মহানগৰ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা মিছন সমন্বয়কে নিৰ্দেশনা জাৰি কৰিছে । এই সংক্ৰান্তত…