চিৰাঙৰ বাসুগাঁৱত আৰক্ষীৰ অভিযানত তিনি কেএলঅ সদস্য আটক
তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত চিৰাঙৰ বাসুগাঁৱত আৰক্ষীৰ অভিযানত তিনি কেএলঅ সদস্য আটক আৰু
আটকাধীন কেএলঅ সদস্য কেইজনৰ তথ্যৰ ভিত্তিত আজি পুৱতি নিশা বাসুগাঁও চহৰৰ সমীপৰ কচুদোলাৰ চম্পা নৈৰ পাৰত বালিত পুঁতি থোৱা অৱস্থাত উদ্ধাৰ কৰিলে বোমা…
কামৰূপ জিলাত নিৰ্বাচনী দায়িত্বত থকা লোকক নিম্নমানৰ খাদ্য যোগানক লৈ অপ্ৰীতিকৰ পৰিস্থিতি
কামৰূপ জিলা আয়ুক্তৰ কাৰ্য্যালয়ত কালি খাদ্যৰ বাবে সৃষ্টি হল উত্তপ্ত পৰিস্থিতিৰ ।
নিৰ্বাচনী দায়িত্বত থকা বিষয়া-কৰ্মচাৰীক অতি নিম্নমানদণ্ডৰ খাদ্যৰ যোগান ধৰাৰ অভিযোগ উত্থাপিত হল প্ৰশাসনৰ বিৰুদ্ধে ।
অস্বাস্থ্যকৰ তথা গোন্ধ ওলোৱা খাদ্য যোগান…
আজমলক তুলাধুনা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ প্ৰাক্তন সভাপতি আশ্ৰাৱ আ
এ আই ইউ ডি এফ দলৰ প্ৰধান তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ ১৫ বছৰ কাৰ্য্যকালৰ উন্নয়নমূলক কাম কাজৰ প্ৰতি ক্ষোভিত হৈ বিজেপি দলৰ অসম ৰাজ্যিক সংখ্যালঘূ মৰ্চাৰ প্ৰাক্তন সভাপতি আশ্ৰাৱ আলী সাংবাদিকৰ আগত আজমলক তুলাধুনা দিয়ে।
তৃতীয়…
মৈৰাবাৰীৰ পলাশজুৰিত এটা পথক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত মাৰপিট
গুৰুতৰ বাবে আহত কেইবাজনো লোক।
মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত পলাশজুৰি গাঁৱত সংঘটিত হৈছে এক ভয়ংকৰ মাৰপিটৰ ঘটনা।
এটা চৰকাৰী পথৰ বাবে মাটি নিদিয়াক কেন্দ্ৰ কৰি হোৱা মাৰপিটৰ ঘটনাত গুণ্ডাবাহিনীৰ এটা দলে পলাশজুৰি গাঁৱৰ-
সুৰুজ…
ডিমেনচিয়াৰ সম্ভাৱনা কম কৰিবলৈ কি কৰিব লাগে, ডিমেনচিয়া কিয় বৃদ্ধি পায়…
ডিমেনচিয়া অতি সাধাৰণ ৰোগ। ২০২২ চনৰ এক অধ্যয়ন অনুসৰি আমেৰিকাত ৬৫ বছৰৰ ওপৰৰ লোকৰ ১০% ডিমেনচিয়া আৰু প্ৰায় ২২% লোকৰ জ্ঞানশক্তিৰ দূৰ্বলতা হয়। বয়সৰ লগে লগে ডিমেনচিয়াৰ আশংকা বৃদ্ধি পায়। ৯০ বছৰৰ ওপৰৰ ৩৫ শতাংশ লোক ডিমেনচিয়াত আক্ৰান্ত। এই…
পত্নীৰ সৈতে অধিক জীৱন কটাব বিচাৰিছিল মৃত্যুৰ সন্মুখীন হৈ ইৰফান খানে কৈছিল
ইৰফান খানে কেন্সাৰৰ সৈতে যুঁজি থাকোতে মৃত্যু অহা বুলি জানিও তেওঁ কেতিয়াও এক মুহূৰ্তৰ বাবেও দুৰ্বল হৈ পৰা নাছিল। ইয়াৰ ইতিবাচক দিশটো আলোকপাত কৰে সেই সময়ত এটা সাক্ষাৎকাৰত। তেওঁ কয় যে,তেওঁৰ জটিল অসুস্থতাই পৰিয়ালটোক একত্ৰিত কৰিছে! ইৰফানে…
ইউটিউব চেনেলৰ বিৰুদ্ধে ৰাঘবৰ মানহানিৰ গোচৰ
পঞ্জাৱৰ ইউটিউব চেনেলৰ বিৰুদ্ধে আপৰ সাংসদ ৰাঘৱ চাড্ডাই ৰুজু কৰিছে মানহানিৰ গোচৰ।
কিন্তু কাৰণ কি? জানিব পৰা মতে, পঞ্জাৱৰ ইউটিউব চেনেলটোৱে বিজয় মালিয়াই ৰাঘৱ চাড্ডাৰ সৈতে তুলনা কৰিছিল। অভিযোগ অনুসৰি ইউটিউব চেনেলটোৱে ভিডিঅ’টোত কয় যে বিজয়…
ইন্দোৰত কংগ্ৰেছ প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰি যোগদান কৰিলে বিজেপিত
চুৰাটৰ পিছত ইন্দোৰতো কংগ্ৰেছৰ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে। ১৩ মে'ত মধ্যপ্ৰদেশৰ ইন্দোৰ লোকসভা সমষ্টিৰ নিৰ্বাচন। কিন্তু তাৰ আগতে সেই সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী অক্ষয় কান্তি বামে মনোনয়ন প্ৰত্যাহাৰ কৰা পৰিলক্ষিত হৈছে। জানিব পৰা মতে তেওঁ…
বৰক্ষেত্ৰীত চৰকাৰী শিক্ষকে নিজ গৃহত খুলিছে ব্যক্তিগত বিদ্যালয়
এগৰাকী চৰকাৰী শিক্ষকে নিজ গৃহতে এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় স্থাপন কৰি দিনটোৰ বেছিভাগ সময় তাতেই ব্যস্ত থকাৰ পিছতো শিক্ষা বিভাগে শিক্ষকগৰাকীৰ বিৰুদ্ধে কোনোধৰণৰ ব্যৱস্থা গ্রহণ নকৰাত সমগ্ৰ বৰক্ষেত্ৰী অঞ্চলতে প্রতিক্রিয়াৰ সৃষ্টি কৰিছে। অভিযোগ…
পেলেষ্টাইনৰ ৰাফাত ইজৰাইলৰ বিমান আক্ৰমণত ১৩ জন নিহত
ইজৰাইলে গাজা ভূখণ্ড পেলেষ্টাইনৰ ৰাফাত বিমান আক্ৰমণ চলায়। কমেও ১৩ জন পেলেষ্টাইনী নিহত হয়। এই আক্ৰমণত আন বহু লোক আহত হয়। অৱশ্যে পেলেষ্টাইনৰ চৰকাৰী সংবাদ সংস্থা ৱাফাই প্ৰকাশ কৰা অনুসৰি ৰাফাত ইজৰাইলৰ আক্ৰমণত নিহত পেলেষ্টাইনীৰ সংখ্যা অধিক।…