শৰাইঘাট দলঙত এক ভয়ংকৰ পথ দুৰ্ঘটনা

শুক্ৰবাৰে পুৱাই মহানগৰীৰ নতুন আমিনগাঁও অভিমুখী AS25EC3643 নম্বৰৰ এখন তীব্ৰবেগী ডাম্পাৰে পিছফালৰ পৰা খুন্দা মাৰে AS01HC4588 নম্বৰৰ আন এখন ডাম্পাৰক ফলত AS25EC3643 নম্বৰৰ গাড়ীখনৰ সন্মুখৰ অংশ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে। ফলত দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখনৰ চফিক আলী নামৰ ২৭ বছৰীয়া চালকজন গাড়ীতেই বেয়াকৈ আৱদ্ধ হৈ পৰে।জালুকবাৰী যান–বাহন আৰক্ষী তথা স্থানীয় লোকে বহু চেষ্টা কৰিও চালকজনক উদ্ধাৰ কৰিব নোৱাৰাত অৱশেষত অগ্নি আৰু জৰুৰী সেৱা বাহিনীক জনায়।প্ৰায় ঘন্টাজোৰা প্ৰচেষ্টাৰ অন্তত অগ্নি আৰু জৰুৰী সেৱা বাহিনীৰ লোকে চালকজনক উলিয়াই আনে। দুৰ্ঘটনাটোত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয় চালকজন। আঘাতপ্ৰাপ্ত চালকজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।ইফালে এই দুৰ্ঘটনাত চালকজনৰ সহযোগী হেণ্ডিমেন এজনো আঘাতপ্ৰাপ্ত হয়।

AssamDaily time axomGuwahati
Comments (0)
Add Comment