নিউজ ডেস্ক, ২৬ অক্টোবৰঃ ওদালগুৰি জিলাৰ টংলাত নিশা সংঘটিত হয় গুলী চালনাৰ ঘটনা । মুখত কাপোৰ বান্ধি অহা চাৰি যুৱকে দৰ্জা ভাঙি মঙলবাৰে নিশা প্ৰায় ১১-৩০ বজাত প্ৰৱেশ কৰে ব্যৱসায়ী গৌতম বৰুৱাৰ (৪৩) বাসগৃহত। মুখত ক’লা কাপোৰ বান্ধি অহা চাৰি যুৱকে গৌতম বৰুৱাৰ জালুকবাৰীৰ ঘৰত সোমাই টকা দাবী কৰি মাৰধৰ কৰাৰ পিছত টকা নাপাই উভতি যোৱাৰ সময়ত এটা দুৰ্বৃত্তক গবা মাৰি ধৰাৰ সময়তে দুৰ্বৃত্তটোৱে পিষ্টলৰে গুলীয়াই দিয়াত গৌতম বৰুৱাৰ সোঁহাতত গুলীয়ে ফুটাই পত্নীৰ সোঁহাতত আঘাত কৰে । এই গুলী চালনাৰ ফলত গুৰুতৰ ভাৱে আহত হয় গৌতম বৰুৱা আৰু ববিতা বৰুৱা ।
নিশা ততাতৈয়াকৈ টংলা সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাত প্ৰাথমিক চিকিৎসা প্ৰদানৰ পিছতে দম্পত্তি হালক উন্নত চিকিৎসাৰ মঙলদৈলৈ প্ৰেৰণ কৰে ।