গোৱালপাৰা চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় স্থাপনৰ বাবে জিলা প্ৰশাসনে প্ৰস্তাৱ আগবঢ়োৱা এটা স্থান আদি পৰিদৰ্শন কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।
নতুন চিকিৎসা মহাবিদ্যালয়খন নিৰ্মাণৰ বাবে বিবেচনাধীন হৈ থকা দুই-তিনিটা স্থানৰ অন্যতম বালিজানা ৰাজহ চক্ৰৰ অন্তৰ্গত হুৰকুচিৰ ভুমি শুক্ৰবাৰে দুপৰীয়া গোৱালপাৰাৰ উপায়ুক্ত মীনাক্ষী দাস নাথ আৰু ৰাজ্যৰ চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ কুমাৰ বৰ্মনক লগত লৈ স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে পৰিদৰ্শন কৰে।
জিলাৰ অতিৰিক্ত উপায়ুক্ত (ৰাজহ আৰু স্বাস্থ্য), যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক, বালিজানাৰ চক্ৰ বিষয়াও মন্ত্ৰীগৰাকীৰ সৈতে পৰিদৰ্শনৰ সময়ত উপস্থিত থাকে। নতুন চিকিৎসা মহাবিদ্যালয়খনৰ সম্ভাৱ্য স্থান হিচাপে ইতিমধ্যে জিলা প্ৰশাসনে প্ৰস্তাৱ কৰা আটাইকেইটা স্থানৰ উপযোগিতাৰ সকলো দিশ বিবেচনাৰে মুখ্যমন্ত্ৰীয়ে বিষয়টো চূড়ান্ত কৰিব বুলি স্বাস্থ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে।
স্থান চূড়ান্ত হোৱাৰ পাছতে এই নতুন চিকিৎসা মহাবিদ্যালয়খন নিৰ্মাণৰ প্ৰাৰম্ভিক কাম সম্পন্ন কৰা হ’ব বুলিও বিভাগীয় মন্ত্ৰী মহন্তই সদৰি কৰে।