আজি ঘোষণা হ’ব গুজৰাট আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচনৰ ফলাফল

নিউজ ডেস্ক, ৮ ডিচেম্বৰঃ আজি ঘোষণা হ’ব গুজৰাট আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচনৰ ফলাফল। পুৱা ৮ বজাৰ পৰা দুয়োখন ৰাজ্যত আৰম্ভ হৈছে ভোটগণনা। ভোটগণনাৰ বাবে প্ৰতিটো কেন্দ্ৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। গুজৰাটত নিৰ্ণয় হ’ব ১৮২ সমষ্টিৰ মুঠ ১৬২১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য। ১ আৰু ৫ ডিচেম্বৰত ৰাজ্যখনত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ। আনহাতে হিমাচল প্ৰদেশৰো ৬৮ টা সমষ্টিৰ ৪১২ গৰাকী প্ৰাৰ্থীৰ নিৰ্ণয় হ’ব ভাগ্য। ১২ নৱেম্বৰত হিমাচল প্ৰদেশত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ।

ইতিমধ্যে গুজৰাটত পোষ্টেল যোগে অহা ভোট সমূহৰ গণনাত বিজেপিয়ে অগ্ৰগতি লাভ কৰি থকা পৰিলক্ষিত হৈছে যদিও হিমাচলত দেখা গৈছে বিজেপি আৰু কংগ্ৰেছৰ আধিপত্য ।

AAPbjpCongressDaily time axomElectionGujaratHimachal PradeshIndiapoliticsResult