২৬/১১ দৰে আকৌ আক্ৰমণ হ’ব! পাকিস্তানী নম্বৰৰ পৰা মুম্বাই আৰক্ষীয়ে লাভ কৰিছে ভাবুকি

মুম্বাইত পুনৰ সংঘটিত হ’ব সন্ত্ৰাসবাদী আক্ৰমণ। পুনৰ ২৬/১১ৰ ভয়ানক স্মৃতিবোৰ ঘূৰাই আনিব। পাকিস্তানৰ এটা নম্বৰৰ পৰা মুম্বাই পুলিচ ট্ৰেফিক কণ্ট্ৰ’ল হোৱাটছএপ নম্বৰলৈও এনেধৰণৰ ভাবুকিৰ বাৰ্তা প্ৰেৰণ কৰা হৈছে।

ভাবুকিৰ বাৰ্তাটোত কোৱা হৈছে যে, “মুম্বাইত আক্ৰমণ সংঘটিত কৰা হ’ব”। এই আক্ৰমণে আপোনাক ২৬/১১ৰ কথা মনত পেলাব। যদি মোৰ ফোন নম্বৰটো চেক কৰা হয় তেন্তে ইণ্ডিয়াকেই স্থান হিচাপে দেখুৱাব। ছটা বিস্ফোৰণ হ’ব। মুম্বাই মহানগৰীত সংঘটিত হ’ব বিস্ফোৰণ।’

এই ভাবুকিৰ বাৰ্তা লাভ কৰাৰ পিছত মুম্বাই আৰক্ষী কঁপি উঠে। তদন্ত আৰম্ভ কৰা হৈছে।


শেহতীয়াকৈ মুম্বাইৰ সমীপৱৰ্তী ৰায়গড়ৰ উপকূলৰ পৰা পৰিত্যক্ত নাৱৰ পৰা অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰাক লৈ তীব্ৰ হুলস্থুলৰ সৃষ্টি হৈছে। উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰৰ ভিতৰত আছে এ কে-৪৭ ৰাইফল। ৰায়গড়ৰ হৰিহৰেশ্বৰ বিলৰ পৰা উদ্ধাৰ হৈছে অস্ত্ৰসহ নাওখন। এই ঘটনাৰ পিছত সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত মুম্বাই আৰক্ষীলৈ প্ৰেৰণ কৰা ভাবুকি বাৰ্তাটোৱে, এই প্ৰেক্ষাপটত বিশেষ গুৰুত্ব লাভ কৰিছে।

প্ৰসংগক্ৰমে ২০০৮ চনৰ নৱেম্বৰ মাহত পাকিস্তানী সন্ত্ৰাসবাদীৰ আক্ৰমণত ৰক্তাক্ত হৈ পৰিছিল বাণিজ্যিক চহৰখন। মুম্বাইৰ তাজ হোটেলৰ উপৰি আজমল কাছাব আৰু তেওঁৰ দলটোৱে ছাত্রপতি শিৱাজী টার্মিনাছ, ওবেৰ’ই ট্রাইডেণ্ট আদি ৮টা স্থানত আক্ৰমণ চলায়৷ ২০২২ চনৰ ২১ নৱেম্বৰত ফাঁচী দিয়া হৈছিল কাছাব। এই আক্ৰমণৰ অন্যতম মাষ্টাৰমাইণ্ড ডেভিদ কলমেন হেডলিয়ে আমেৰিকাত ৩৫ বছৰৰ কাৰাদণ্ড ভুগি আছে। এই আক্ৰমণত ১৬৪ জন লোক নিহত হৈছিল। আহত হৈছে তিনিশৰো অধিক। জানিব পৰা মতে কৰাচীৰ পৰা ১০ জন পাকিস্তানী উগ্ৰপন্থীয়ে সাগৰ পাৰ হৈ মুম্বাই আক্ৰমণ কৰে। এই আক্ৰমণৰ আঁৰত আছিল লস্কৰ-ই-তৈবা।

AssamDaily time axomDeathInternationalNew DelhiWorld
Comments (0)
Add Comment