পুনৰ লোমহৰ্ষক হত্যাকাণ্ডঃ এইবাৰ শিলচৰত পত্নীয়ে দাৰে ঘপিয়াই হত্যা কৰিলে স্বামীক

নিউজ ডেস্ক, ২২ ফেব্ৰুৱাৰীঃ ৰাজ্যত পুনৰ লোমহৰ্ষক হত্যাকাণ্ড। শিলচৰৰ মেহেৰপুৰত স্বামীক ছুৰীৰে হত্যা পত্নীৰ। হত্যাকাণ্ড সংঘটিত কৰি থানাত আত্মসমৰ্পণ পত্নীৰ। পত্নী মাপ্পী বেগমে ছুৰীৰে হানি-খুঁচি হত্যা কৰে ফাৰমিন উদ্দিনক।

উল্লেখ্য যে, স্বামীক ছুৰীৰে হানি-খুঁচি লোৱাৰ পাছতে পত্নীয়ে স্বামীক চিকিৎসালয়লৈ লৈ গৈছিল যদিও চিকিৎসালয় যোৱাৰ পথতে মৃত্যু ঘটে স্বামীৰ।

স্থানীয় একাংশ ৰাইজে জনোৱা অনুসৰি, পত্নীৰ পৰকীয়া প্ৰেমৰ কাৰণে সঘনাই হৈছিল কাজিয়া আৰু যাৰ ফলত পত্নীয়ে হত্যা কৰিলে স্বামীক।

ArrestAssamAssamese NewsDaily time axomIndiaMurderSilcharSilchar Police