বিহাৰৰ ৰঘুনাথপুৰত ৰে’ল দুৰ্ঘটনা, দুৰ্ঘটনাগ্ৰস্থ নৰ্থ-ইষ্ট এক্সপ্ৰেছ

নিউজ ডেস্ক, ১২ অক্টোবৰঃ বিহাৰৰ ৰঘুনাথপুৰত ১২৫০৬ নং নৰ্থ-ইষ্ট এক্সপ্ৰেছ দুৰ্ঘটনাগ্ৰস্ত। লাইনচ্যুত হৈ দিল্লী-কামাখ্যা অভিমুখী ৰে’লখনৰ ২১টাকৈ দবা।ৰে’লখনত আছিল অসমৰ প্ৰায় ৫২২ গৰাকী যাত্ৰী।

ভয়ংকৰ দুৰ্ঘটনাত শিশুসহ এইমুহূৰ্তলৈ ৪ জনৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। আনহাতে আহত হৈছে প্ৰায় শতাধিক লোক। নিহত লোককেইজন উষা ভাণ্ডাৰী, ৮ বছৰীয়া আকৃতি ভাণ্ডাৰী, আবু জেদ আৰু নৰেন্দ্ৰ। আহত শতাধিক লোকক AIIMSত ভৰ্তি কৰোৱা হৈছে।

দুৰ্ঘটনাৰ পাছতে কেইবাটাও হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে। কামৰূপ মহানগৰ জিলা প্ৰশাসনে মুকলি কৰা হেল্পলাইন নম্বৰকেইটা- 93654 29314
পাটনাৰ হেল্পলাইন নম্বৰ 9771449971
দানাপুৰ হেল্পলাইন নম্বৰ 8905697493
COMM CNL 7759070004
ARA হেল্পলাইন নম্বৰ 8306182542। আনহাতে অসমৰ যাত্ৰীসকলৰ বাবেও বিশেষভাৱে মুকলি কৰা হৈছে নম্বৰ। ০৩৬১ ২৬৭৪৮৫৭ এই নম্বৰযোগে যোগাযোগ কৰিব পাৰিব বুলি ৰে’ল বিভাগে জানিবলৈ দিয়ে।

AssamAssamese NewsBiharDaily time axomDeathIndiaInjuredNorth East ExpressRaghunathpur Railway StationTrain Derail