তিনিচুকীয়াৰ পেঙেৰীত ড্ৰাগছ সেৱন কৰি ছাত্ৰৰ মৃত্যু

নিউজ ডেস্ক, ২৯ আগষ্টঃ অত্যাধিক ড্ৰাগছ সেৱনে কাল হ’ল এজন ছাত্ৰৰ। তিনিচুকীয়াৰ পেঙেৰীত ড্ৰাগছ সেৱন কৰি মৃত্যু নৱম শ্ৰেণীৰ ছাত্ৰৰ । সতীৰ্থৰ সৈতে ড্ৰাগছৰ বেজী লৈ অসুস্থ হৈ পৰিছিল ছাত্ৰজন। সতীৰ্থই এৰি থৈ যোৱাৰ পাছত ভৰ্তি কৰোৱা হৈছিল AMCHত।

ছাত্ৰজনৰ মৃত্যুৰ পাছতে উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছে পেঙেৰীৰ ব্ৰহ্মাজান-টেকেৰী অঞ্চল। ড্ৰাগছৰ জ’নত পৰিণত হৈছে ব্ৰহ্মাজান-টেকেৰী অঞ্চল। স্থানীয় ৰাইজৰ প্ৰতিবাদৰ পাছতে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। অভিযানত কেইবাজনকো আটক কৰা হৈছে। লগতে জব্দ কৰা হৈছে বুজন পৰিমাণৰ সুৰা।

পেঙেৰী আৰক্ষী থানা ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে।

AssamDaily time axomDeathDrugsIndiaTinsukia