Daily Time Axom

Boxer Lovleena

0 21

অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী অসমীয়া যুৱতী গোলাঘাট জিলাৰ বৰপথাৰ বাৰমুখীয়া গাঁৱৰ জীয়ৰী লাভলীনা বৰগোঁহায়ে সম্প্ৰতি বৰপথাৰৰ নিজা ঘৰতে থাকি কঠোৰ অনুশীলন অব্যাহত ৰাখিছে ৷ উল্লেখযোগ্য যে, অলপতে জৰ্ডানৰ আমানতত অনুষ্ঠিত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ভাৰতলৈ ওভতাৰ পিচত সমগ্ৰ বিশ্বতে মহামাৰী ৰূপ লোৱা ক’ৰোণা ভাইৰাছৰ আতংকৰ পিচত সম্প্ৰতি নিজকে ঘৰতে আৱদ্ধ কৰি ৰাখিবলগীয়া হৈছে বক্সাৰগৰাকীয়ে ৷ বিশ্ববিখ্যাত বক্সাৰগৰাকীয়ে ঘৰত থাকিও নিজেই নিতৌ পুৱা গধুলি অনুশীলন অব্যাহত ৰাখিছে ৷ ইতিমধ্যে,স্বপ্ৰতিভাৰে উজলি উঠা বক্সাৰগৰাকীক অনুশীলনৰ বাবে ঘৰতে সকলো ব্যৱস্থা কৰি দিছে সংশ্লিষ্ট বিভাগে ৷ কিন্তু অনুশীলনৰ মাজে মাজে ঘৰুৱা কৰ্মতো নিজকে ব্যস্ত ৰাখিছে লাভলীনাই ৷ কেঁচা মাটিৰ সুবাস লবলৈ এনেদৰে দেউতাকৰ সৈতে পথাৰত নমা দেখা গল বক্সাৰগৰাকীক ৷ ৰোৱনীৰ ৰূপত পথাৰৰ বোকা খচি খচি কঠীয়া ৰোলে লাভলীনাই ৷ সৰুৰে পৰা এনেবোৰ কাম কৰি ভালপোৱা লাভলীনাক সেয়েহে দেখা গ’ল এনেদৰে ৷

Leave A Reply

Your email address will not be published.