Daily Time Axom

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে আহি আছে নতুন বিমান

0 26

এতিয়াৰে পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিমান যাত্ৰা আগতকৈ সুৰক্ষিত হব ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ব্যৱহাৰ কৰা Air Force One দৰেই মোদীৰ বাবে আহি আছে Air India One ৷ ইতিমধ্যে Air India One ৰ দুখন বিমান আনিবলৈ প্ৰতিনিধি দল উৰা মাৰিছে আমেৰিকালৈ ৷ আমেৰিকাৰ বৰিং কোম্পানীয়ে নিৰ্মাণ কৰা VVIP 777 300ER মডেলৰ বিমান দুখন হব অতি ব্য়য়বহুল আৰু কাৰিকৰী দিশত অত্যাধুনিক ৷ বৰ্তমান ড্ৰনাল ট্ৰাম্পে ব্যৱহাৰ কৰা air force Oneত যি প্ৰযুক্তিৰ ব্যৱহাৰ হৈছে সেই অনুৰোপ প্ৰযুক্তিৰ ব্যৱহাৰ হব Air India One বিমান দুখনতো ৷ চলিত মাহৰ শেষৰফালে ভাৰতৰ আকাশত Air India Oneক দেশবাসীয়ে দেখা পাব বুলি আশা কৰা হৈছে। তাৰ পৰৱৰ্তী সময়ত আহিব লগা ২য় বিমানখন ব্যৱহাৰ কৰিব দেশৰ ৰাষ্ট্ৰপতিয়ে।

Leave A Reply

Your email address will not be published.