জ্যেষ্ঠ নাগৰিকৰ ফিক্স ডিপ’জিট আঁচনিৰ অন্তিম তাৰিখ ৩১ ডিচেম্বৰলৈ বৃদ্ধি
কৰ’ণা মহামাৰীয়ে দেশত সংহাৰ চলাই থকাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে বিশেষ কিছু কাৰ্যপন্থা গ্ৰহণ কৰিছে। কৰ’ণা ভাইৰাছৰ ফলত দেশৰ অৰ্থনীতি ব্যাপক ভাৱে ক্ষতিগ্ৰস্ত হৈছে। ভাৰতৰ ৰাজহুৱা খণ্ডৰ সৰ্ববৃহত্ বেংক ভাৰতীয় ষ্টেট বেংকে জ্যেষ্ঠ নাগৰিকলৈ বিশেষ উপহাৰ আগবঢ়াইছে। জ্যেষ্ঠ নাগৰিকসকলৰ বাবে বিশেষ ফিক্স ডিপ’জিট আঁচনিত বিনিয়োগৰ অন্তিম তাৰিখ অহা ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰিছে।
উল্লেখযোগ্য যে, ষ্টেট বেংকে যোৱা মে’ মাহত জ্যেষ্ঠ নাগৰিকৰ বাবে ‘উই কেয়াৰ’ ছিনিয়ৰ চিটিজেনছ টাৰ্ম ডিপ’জিট স্কীম হাতত লৈছিল। প্ৰথম অৱস্থাত এই আঁচনিৰ সুবিধা গ্ৰহণৰ অন্তিম তাৰিখ ৩০ ছেপ্তেম্বৰ আছিল । কিন্তু দেশৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই আঁচনিৰ ম্যাদ অহা ৩১ ডিচেম্বৰলৈকে বৃদ্ধি কৰা হৈছে।
ভাৰতীয় ষ্টেট বেংকে এই আঁচনিত ৫ বছৰ বা ইয়াতকৈ অধিক সময়ৰ ফিক্স ডিপ’জিটৰ ওপৰত ৩০ বেছিছ পইণ্টৰ অতিৰিক্ত প্ৰিমিয়াম তৎকালীনভাৱে লাভ কৰিব। ৬০ বছৰ বা ইয়াতকৈ অধিক বয়সৰ লোক এই আঁচনিৰ অংশীদাৰ হ’ব পাৰিব। সৰ্বাধিক ৫ বছৰৰ বাবে প্ৰযোজ্য এই আঁচনিৰ অধীনত সৰ্বোচ্চ ২ কোটি ধন বিনিয়োগ কৰিব পাৰিব। কিন্তু ম্যাদ সম্পূৰ্ণ হোৱাৰ পূৰ্বে বিনিয়োগ কৰা ধনৰাশি উলিয়াব বিচাৰিলে কোনো ধৰণৰ সুত দিয়া নহ’ব।