দুলীয়াজানত আবতৰীয়া দীপাৱলী
ডিজিটেল ডেস্কঃ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত জন্ম লাভ কৰা আঞ্চলিক দল ৰাইজৰ দল অসম চমুকৈ ( আৰ ডি এ) ৰ নামৰ ৰাজনৈতিক দলৰ নাম ঘোষণা হোৱাৰ লগে লগে দুলীয়াজানতো কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি বিভিন্ন দল সংগঠনে ফটকা আটছবাজীৰে আনন্দ উল্লাস কৰা পৰিলক্ষিত হয়। শুক্ৰবাৰে কৃষক মুক্তিৰ উদ্যোগত লাচিত সেনাকে আদি কৰি বিভিন্ন দল সংগঠনে এই উপলক্ষে ঢোলে দগৰে দুলীয়াজানৰ বিহুতলী প্ৰাঙ্গণৰ পৰা পুৰণি বাছ আস্থানলৈকে এক সমদলো বাহিৰ কৰে ।