Daily Time Axom

পুনৰ ৰক্তাক্ত পাকিস্তান। পাকিস্তানৰ পেচোৱাৰত ভয়াবহ বিস্ফোৰণ

0 13

ডিজিটেল ডেস্কঃ পাকিস্তানৰ পেচোৱাৰ দীৰ কলনিত থকা মাদ্ৰাছাত বোমা বিস্ফোৰণত ৭ জনৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ৭০ জন আঘাটপ্ৰাপ্ত হয়। ইতিমধ্যে আঘাটপ্ৰাপ্ত সকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। এক বিশেষ সুত্ৰৰ মতে অচিনাক্ত ব্যক্তিয়ে এটা প্লাষ্টিকৰ বেগত বিস্ফোৰক সামগ্ৰী থৈ যোৱাৰ ফলত বিস্ফোৰণটো সংঘটিত হল বুলি জানিব পৰা গৈছে। নিহত ৭ জন লোকৰ ভিতৰত ৪ টি শিশুও আছিল। ইফালে আহতসকলৰ ভিতৰত কেইবাজনৰো অৱস্থা সংকটজনক। সেয়েহ মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই।

Leave A Reply

Your email address will not be published.