Daily Time Axom

উৰিয়ামঘাটত ৰাইজৰ পথ বন্ধ কাৰ্যসূচী

0 15

ডিজিটেল ডেস্কঃ সৰুপথাৰ বিধান সভা সমষ্টিত এতিয়া মূল সমস্যা হিচাপে পৰিগণিত হৈছে ৰাস্তা ঘাটৰ সমস্যা । চৰকাৰে জৰাজীৰ্ণ পথ নিৰ্মাণ তথা মেৰামতি নকৰাৰ বাবে যাতায়তৰ অনুপযোগি হোৱাত আজি প্ৰতিবাদত উত্তাল হৈ পৰিল সৰুপথাৰৰ সীমান্তবাসী ৰাইজে। স্বতঃস্ফুৰ্তভাৱে ওলাই আহিল শ শ পুৰুষ মহিলা । আজি উৰিয়ামঘাট ৰেংমা – ইকৰাণী সংযোগী পথত ডাম্পাৰ আৰু অএনজিচি ৰ গাড়ী সমূহৰ চলাচল অনিৰ্দিষ্টকাললৈ বন্ধ কৰি দিয়ে ৰাইজে । দীৰ্ঘদিন ধৰি পথৰ দূৰবস্থাই জ্বলা কলা খুৱাইছে সীমান্তবাসী জনসাধাৰণক । স্থানীয় বিধায়িকা ৰ’জলীনা তিৰ্কীয়েও উক্ত পথটো নিৰ্মাণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । বিভিন্ন সময়ত দল সংগঠন সমূহে উক্ত পথটো নিৰ্মাণৰ বাবে বিভাগীয় কৰ্তৃপক্ষক আবেদন নিবেদন কৰাৰ পিছতো গড়কাপ্টানী বিভাগৰ গা লৰা পৰিলক্ষিত হোৱা নাই | ফলত আজি এনেদৰে ৰাইজে গড়কাপ্টানী বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে । যেতিয়ালৈকে পথটি নিৰ্মান বা মেৰামতি নকৰে তেতিয়া লৈকে ৰাইজে উক্ত পথেৰে ডাম্পাৰ আৰু অএনজিচিৰ সৰু ডাঙৰ গাড়ী সমূহৰ চলাচল বন্ধ কৰি ৰাখিব বুলি জানিবলৈ দিয়ে । উল্লেখ্য যে,উক্ত পথটোয়েদি সীমান্ত অঞ্চলৰ পৰা দৈনিক শ শ ডাম্পাৰে অধিক বোজা বহন কৰি শিল সৰবৰাহ কৰি আহিছে | একেদৰে অএনজিচিৰ গধূৰ গধূৰ যন্ত্ৰপাতি কঢ়িয়াই নিয়া যানবাহন সমূহো একেটা পথেৰে চলাচল কৰি অহাৰ বাবে কম ভৰ বহন ক্ষমতা সম্পন্ন পথ সমূহ ভাঙি যাতায়তৰ অনুপযোগি হৈ পৰিছে | সেয়ে ধনশিৰি সীমান্তৰ পৰায়েই চৰকাৰে বছৰি কোটি কোটি টকা ৰাজহ সংগ্ৰহ কৰাৰ পাচতো যাতায়তৰ উপযোগি কৈ অধিক ভৰ বহন কৰিব পৰা পথ নিৰ্মান কৰিব নোৱাৰাটো অতি পৰিতাপৰ কথা |

Leave A Reply

Your email address will not be published.