Daily Time Axom

বোকাখাতত বিজেপিৰ কাৰ্যনিৰ্বাহক সভা

0 18

ডিজিটেল ডেস্কঃ ভাৰতীয় জনতা পাৰ্টিৰ অনুসূচীত জনজাতি মৰ্চা, গোলাঘাট জিলা সমিতিৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা বৃহস্পতিবাৰে বোকাখাত নাট্য মন্দিৰত অনুষ্ঠিত হয় ৷ অনুসূচীত জনজাতি মৰ্চা গোলাঘাট জিলা সভাপতি অনুপমা পাংগিং দলেৰ সভাপতিত্বত অনুষ্ঠিত সভাখন উদ্বোধন কৰে ভাৰতীয় জনতা পাৰ্টিৰ গোলাঘাট জিলা সমিতিৰ সভাপতি দেৱ প্ৰদীপ বৰাই ৷ সভাত আগন্তুক দিনত অনুসূচীত জনজাতি মৰ্চাৰ ভৱিষ্যৎ কৰ্মৰাজিৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয় ৷ লগতে সমাগত ২০২১ ৰ বিধান সভা নিৰ্বাচনত কংগ্ৰেছ আৰু এ আই ইউ ডি এফক ৰোধিবৰ বাবেই বিজেপি দলে দলৰ বিভিন্ন মৰ্চা সমূহক সক্ৰিয় কৰা বুলি মন্তব্য কৰে বিজেপিৰ গোলাঘাট জিলাৰ সভাপতি দেৱ প্ৰদীপ বৰাই ৷ সভাত অনুসূচীত জনজাতি মৰ্চাৰ বোকাখাত মণ্ডলৰ সভাপতি ৰামায়ণ কুটুমৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰে ৷

Leave A Reply

Your email address will not be published.