অৱশেষত ন্যায় পালে কংগনা ৰাণাৱটে
ডিজিটেল ডেস্কঃ বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰাণাৱটৰ মুম্বাইস্থিত কাৰ্যালয় ৯ ছেপ্তেম্বৰত মুম্বাই পৌৰ নিগমে ভাঙি পেলোৱাক কেন্দ্ৰ কৰি সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে বিতৰ্কৰ সুত্ৰপাত হৈছিল । এই কাৰ্য্যৰ সম্পূৰ্ণ বিৰোধীতা কৰি ন্যায় লাভৰ আশাৰে মুম্বাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল অভিনেত্ৰী কংগনা ৰাণাৱট । মুম্বাই পৌৰ নিগমে কংগনাৰ কাৰ্যালয়টো ভূল ঠাইত অৱস্থিত হোৱাৰ বাবে উচ্ছেদ কৰিছিল বুলি সদৰি কৰাৰ পিছতে এই কথাক প্ৰত্যাখ্যান কৰিছিল অভিনেত্ৰী গৰাকীয়ে । সেই গোচৰৰ অন্তত শুকুৰবাৰে মুম্বাই উচ্চ ন্যায়ালয়ে অভিনেত্ৰী গৰাকীৰ সপক্ষে ৰায় প্ৰদান কৰে আৰু এই সম্পৰ্কে উচ্চ ন্যায়ালয়ে কয় যে BMC য়ে ভূলতে উচ্ছেদ কৰিলে আৰু তাৰ বাবে ক্ষতিপূৰণ দিব লাগিব । আৰু কয় যে জনসাধাৰণৰ ওপৰত প্ৰশাসনে নিজৰ বাহুবল প্ৰদৰ্শন কৰিব নোৱাৰে । এই ৰায় পোৱাৰ পিছতেই অভিনেত্ৰী গৰাকীয়ে টুইটাৰযোগে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে যেতিয়া এজন ব্যক্তিয়ে চৰকাৰৰ অন্যায়ৰ বিৰুদ্ধে থিয় দি জয় লাভ কৰে তেতিয়া সেই ব্যক্তিজনৰ জয় নহয় সমগ্ৰ গণতন্ত্ৰৰ জয় হয় আৰু যি সকলে অভিনেত্ৰী গৰাকীক সাহস দিলে সেইসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ।