বিশ্ব এইডচ দিৱসৰ লগত সংগতি ৰাখি অভয়াপুৰীত বাইক ৰেলী।
ডিজিটেল ডেস্কঃ আজি বিশ্ব AIDS দিৱস। AIDS আজিও বিশ্বৰ আটাইতকৈ ভয়ংকৰ ৰোগ হিচাপে পৰিচিত। এই ভয়ংকৰ ৰোগ এইডছক ৰোধ কৰাৰ বাবে সজাগতা বৃদ্ধি কৰাৰ অৰ্থে প্ৰতি বছৰে ১ ডিচেম্বৰ তাৰিখটো বিশ্ব এইডছ দিৱস হিচাপে পালন কৰি আহিছে। বিশ্ব এইডচ দিৱসৰ লগত সংগতি ৰাখি মঙলবাৰে অভয়াপুৰী মহাবিদ্যালয়ত পালন কৰা হৈছে বিশ্ব এইডচ দিৱস। এইডচ মুক্ত সমাজ গঢ়াৰ উদেশ্যে অভয়াপুৰী মহাবিদ্যালয়ে ৰাষ্ট্ৰীয় সেৱা যোজনাৰ উদ্যোগত আৰু ইউনাইটেড বাইকাৰ্চ ক্লাৱ অৱ আছামৰ সহযোগত উলিয়াইছে বাইক ৰেলী। এইডচ সম্পৰ্কে সজাগতা আনিবৰ বাবেই এই কাৰ্যসূচী হাতত লোৱা হয়।