Daily Time Axom

বিশ্বত এতিয়া কৰোণা মহামাৰীৰ নতুন ৰূপ।

0 14

ডিজিটেল ডেস্কঃ বৰ্তমানেও সমগ্ৰ বিশ্বক মহামাৰী কৰোণাই গ্ৰাস কৰি ৰাখিছে।ইয়াৰ মাজতে ধৰা পৰিছে কৰোণাৰ নতুন ৰূপ। কেইবাখনো দেশত কৰোণাৰ নতুন ৰূপে কালৰূপ ধাৰণ কৰাৰ পিছতেই আতংকিত হৈ পৰিছে বিশ্ববাসী।এই সম্পৰ্কে শনিবাৰে বিট্ৰেইনৰ স্বাস্থ্য মন্ত্ৰীয়ে মন্তব্য কৰে যে,কৰোণাৰ এই নতুন ৰূপ পূৰ্বতকৈ ভয়াবহ আৰু ই নিয়ন্ত্ৰণৰ বাহিৰৰ। উল্লেখ্য এই সম্পৰ্কে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ড° হৰ্ষবৰ্ধনে মন্তব্য প্ৰকাশ কৰিছে। তেওঁ কৰোণাৰ নতুন ৰূপৰ বাবে দেশবাসীক আতংকিত নহ’বলৈ অনুৰোধ জনাইছে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰ কৰোণাৰ নতুন ৰূপৰ বাবে সতৰ্ক হৈ আছে গতিকে ভয়ৰ কাৰণ নাই। তেওঁ পুনৰ কয় যে প্ৰতিতো কথাৰ বাবে চৰকাৰ সজাগ হৈ আছে আৰু যোৱা এটা বছৰে চৰকাৰে কেনেকৈ ৰাইজৰ প্ৰয়োজনত প্ৰতিতো কাম কৰি আহিছে সেয়া আপোনালোকে দেখিছে গতিকে এতিয়াও নিশ্চিন্ত হৈ থাকক বুলি সংবাদ মাধ্যমৰ যোগেদি এই কথা সদৰি কৰিছে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে।

Leave A Reply

Your email address will not be published.