Daily Time Axom

এজন অসমীয়াৰ কৃতিত্বত গৌৰৱান্বিত অসমবাসী

0 16

ডিজিটেল ডেস্কঃ আমেৰিকাৰ বিশ্ববিখ্যাত ষ্টেনফোৰ্ড বিশ্ববিদ্যালয়ে পৃথিৱীৰ শীৰ্ষ ২% আটাইতকৈ সম্ভাৱনাময় বিজ্ঞানীৰ তালিকাত অন্তৰ্ভূক্ত কৰিলে ধুবুৰীৰ ড° ফাইজুদ্দিন আহমেদৰ নাম । ৬০জন ভাৰতীয় পদাৰ্থবিদৰ ভিতৰত ৩৫বছৰীয়া ফাইজুদ্দিন আহমেদো এজন যিয়ে নিজৰ নাম শীৰ্ষ ২% বিজ্ঞানীৰ তালিকাত অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হৈছে।এই প্ৰতিষ্ঠিত তালিকাখন প্ৰতিবছৰে আমেৰিকাৰ ষ্টেনফোৰ্ড বিশ্ববিদ্যালয়ৰ বৈজ্ঞানিকৰ এটা দলে প্ৰস্তুত কৰে । ড° ফাইজুদ্দিন আহমেদ ধুবুৰী জিলাৰ বালাজানৰ নিবাসী । তেখেতে বালাজান হাইস্কুলৰ পৰা নিজৰ স্কুলীয়া শিক্ষা সাং কৰি ২০০৬ চনত ধুবুৰীৰ ভোলানাথ কলেজৰ পৰা পদাৰ্থ বিজ্ঞানত অনাৰ্ছ লৈ স্নাতক শিক্ষা সমাপন কৰে। ইয়াৰ পিছত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা থিয়ৰীটিকেল ফিজিক্সত পি.এইচ. ডি কৰে। ডক্টৰেট আহমেদে বৰ্তমান গৌৰীপুৰ চহৰৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত শিক্ষকতা কৰি আছে। আৰ্থিক সংকটৰ পিছতো তেখেতে বৰ্তমানেও থিয়ৰীটিকেল ফিজিক্স (General Theory of Relativity and Quantum Mechanics)ত গৱেষণা অব্যাহত ৰখাৰ লগতে শিক্ষণ প্ৰক্ৰিয়াও অব্যাহত ৰাখিছে। তেখেতৰ এই কৃতিত্বই সমগ্ৰ ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে। ড° ফাইজুদ্দিন আহমেদৰ দৰে এজন অসমীয়াৰ কৃতিত্বত আমিও গৌৰৱান্বিত।

Leave A Reply

Your email address will not be published.