Daily Time Axom

ৰাজ্যৰ কোনখন জিলাত নৱবৰ্ষৰ প্রথম দিনটোত ৮০ টাতকৈ অধিক পথ দুৰ্ঘটনা সংঘটিত হ’ল ?

0 8

ডিজিটেল ডেস্কঃ ইংৰাজী নৱবৰ্ষ ২০২১ ৰ প্ৰথম দিনাই গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তত সংঘটিত হয় প্ৰায় ৮০ টাতকৈ অধিক পথ দুৰ্ঘটনা । ভিন্ন প্ৰান্তত সংঘটিত এই পথ দুৰ্ঘটনাত এজন ব্যক্তি নিহত হোৱাৰ উপৰিও প্ৰায় ৪০ জন লোক গুৰুতৰ ভাবে আহত হয়। আঘাতপ্ৰাপ্ত লোক সকলক JMCH আৰু GMCH লৈ উন্নত চিকিসাৰ বাবে প্ৰেৰণ কৰা হৈছে। সমগ্ৰ বিশ্বৰ লগতে গোলাঘাট জিলাবাসীয়ে নৱাগত বছৰটোক উলহ মালহেৰে আদৰণি জনোৱাৰ সময়তেই জিলাখনৰ বিভিন্ন প্ৰান্তত সংঘটিত প্ৰায় ৮০ ৰো অধিক পথ দুৰ্ঘটনা। গোলাঘাটৰ শাওতলিৰ নিৱাসী বীৰেন কুৰ্মী নামৰ লোকজন পথ দুৰ্ঘটনাৰ ফলতেই নিহত হয়। আনহাতে প্ৰায় ৩০ গৰাকীতকৈ অধিক দুৰ্ঘটনাত পতিত লোক বৰ্তমান গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

Leave A Reply

Your email address will not be published.