Daily Time Axom

তিনিচুকীয়াৰ মাকুমত চাৰিটাকৈ ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰিছে

0 17

ডিজিটেল ডেস্কঃ শুকুৰবাৰে তিনিচুকীয়া জিলাৰ মাকুমত আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই চাৰিটাকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছে। আটকাধীন সৰবৰাহকাৰী কেইজন হ’ল ধনজ্যোতি ডাঙৰীয়া,দখন্ত দুৱৰা,বিদুবন বৰুৱা আৰু দিপক বৰা। আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী কেইজনৰ পৰা কিছু হিৰ’ইন,ক’কেইনসহ ১ লাখ ৯৯ হেজাৰ নগদ টকাসহ বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে ।
উল্লেখ্য যে, ধৃত লোককেইজনৰ বিৰোদ্ধে দীৰ্ঘদিন ধৰি ড্ৰাগছ বিক্ৰীৰ অভিযোগ উত্থাপন হৈ আহিছিল ৷সেই অভিযোগৰ ভিত্তিত গোপন সূত্ৰৰ পমখেদি তিনিচুকীয়াৰ উপ আৰক্ষী অধিক্ষক হেমন্ত বড়োৰ নেতৃত্বত তিনিচুকীয়াৰ এটা আৰক্ষী দলে ধৃত লোককেইজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

Leave A Reply

Your email address will not be published.