শনিবাৰে উত্তৰাখণ্ডক জোঁকাৰি যায় এক প্ৰৱল ভূমিকম্পই
ডিজিটেল ডেস্ক :- কৰোনা মহামাৰীৰ সংক্ৰমণ হৈ থকাৰ পাছতো প্ৰকৃতিয়ে বিশ্বৰ মানৱ জাতিক যেন ইটোৰ পিছত সিটো পৰীক্ষা লৈছে। শেহতীয়াকৈ শনিবাৰে এক প্ৰবল ভূমিকম্পই জোকাৰি যায় উত্তৰাখণ্ডক।এই প্ৰৱল জোকাৰণিটোৱে উত্তৰাখণ্ডৰ প্ৰসিদ্ধ পৰ্বতীয়া ৰাজ্য উত্তৰকাশীত প্ৰভাৱ পেলোৱা পৰিলক্ষিত হয়।ইফালে সৌভাগ্যক্ৰমে ৩.৩ ৰিখ্টাৰ স্কেলত হোৱা এই ভূমিকম্পত কোনো লোক হতাহতৰ লগতে ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে। শনিবাৰে উত্তৰাখণ্ড বাসীয়ে আন দিনাৰ দৰেই নিজ নিজ কামত ব্যস্ত হৈ থকাৰ মাজতেই দিনৰ প্ৰায় ১১.২৭ বজাত এক প্ৰবল জোকাৰণি অনুভৱ কৰে আৰু ইয়াৰ পিছতেই সকলো লোক নিৰাপত্তাৰ স্বাৰ্থত ঘৰৰ বাহিৰৰ মুকলি ঠাইলৈ ওলাই আহে। উল্লেখ্য যে এদিন পুৰ্বে অৰ্থাৎ শুকুৰবাৰে পুৱাও ৩.৩ ৰিখ্টাৰ স্কেলৰ প্ৰাবল্যৰ এক ভূমিকম্পই জোঁকাৰি গৈছিল উত্তৰাখণ্ডৰ বাগেশ্বৰক।